ASSAM TIMES POST
বোকাখাতঃ ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ভাৰত ৰত্ন ৰাজীৱ গান্ধী জন্ম দিৱস উপলক্ষে বোকাখাত ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত বোকাখাত গান্ধী ভৱনত ৭৫ সংখ্যক জন্ম জয়ন্তী উদ্যাপন কৰা হয়৷ অনুষ্ঠানৰ প্ৰথম কাৰ্যসুচী হিচাপে দলীয় পতাকা উত্তোলন কৰা হয়৷
পতাকা উত্তোলন কৰে বোকাখাত ব্লক কংগ্ৰেছৰ সভাপতি ধৰ্মেশ্বৰ কুৰ্মীয়ে৷ বন্তি প্ৰজ্বলক হিচাপে প্ৰাক্তন বিধায়ক অৰুণ ফুকনে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে৷ লগতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়৷ প্ৰাৰ্থনা সভাত ক্ৰমে বৈষ্ণৱ ভক্ত প্ৰাণ ভকত, শিখ ধৰ্মৰ ধৰ্ম গুৰু, ইছলাম ধৰ্মৰ জোনাৱ, বৌধ ধৰ্মৰ ধৰ্মগুৰুৱে অংশগ্ৰহণ কৰে৷

ইয়াৰ পাছত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ওপৰত স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়৷ আলোচনাৰ বিষয় ‘আধুনিক ভাৰত নিৰ্মানত ৰাজীৱ গান্ধীৰ ভূমিকা’৷ আনহাতে বিয়লি ৪ বজাত সাংসদ একাদশ বনাম বোকাখাত চাহ বাগিচা ক্ৰীড়া সন্থাৰ মাজত এখনি প্ৰীতি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়৷
প্ৰতিযোগিতাখনি আৰম্ভণিৰ প্ৰাকক্ষণত দুগৰাকী প্ৰবীন ক্ৰীড়াবিদ ডাঃ পুলিন বৰকটকী আৰু বোধৰাজ ছেত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷ প্ৰীতি ফুটবল প্ৰতিযোগিতাত সাংসদ একাদশে ৫-২ গ’লত জয়ী হয়।













