![]()
নিউজ ডেস্কঃ
তিনিখন কৃষি আইন প্রত্যাহাৰৰ দাবীত এইবাৰ প্রধানমন্ত্রীলৈ তেজেৰে চিঠি লিখিলে কৃষকসকলে। সিঙ্ঘু সীমান্তৰ পৰা কৃষকসকলে মঙ্গলবাৰে এই চিঠি পঠাইছে। লগতে আগান্তুক দিনত আন্দোলন আৰু তীব্ৰ কৰিবলৈ আগবাঢ়িছে কৃষকসকলে। আজি এক বৈঠকত এই আন্দোলনৰ ৰূপৰেখা প্ৰস্তুত কৰে তেওঁলোকে।
উল্লেখ্য, সিঙ্ঘু সীমান্তত এক ৰক্তদান শিবিৰৰ আয়োজন কৰিছিল আন্দোলনকাৰীসকলে। সেই শিবিৰৰ পৰা সংগৃহীত ৰক্তেৰে চিঠি লিখে কৃষকসকলে। চিঠিৰ মূল বক্তব্য, ‘ক’লা আইন বাতিল কৰক। অন্যথা আন্দোলন আৰু তীব্ৰ হ’ব।’ চিঠিত লগতে লিখা হৈছে, “নৰেন্দ্র মোদীজী সুপ্রভাত। আমি আমাৰ তেজেৰে এই চিঠি লিখিছো। আপুনি দেশৰ প্রধানমন্ত্রী। আমাৰ ভোটৰ দ্বাৰা আপুনি নির্বাচিত হৈছে। এই তিনিখন কৃষি আইন গৃহীত কৰি কৃষকসকলৰ সৈতে বিশ্বাসঘাতকতা কৰা হৈছে। আমি এইবোৰ গ্রহণ কৰা নাই। অনুৰোধ জনাওঁ এই তিনিখন আইন বাতিল কৰক।’ ইয়াৰ উপৰি একাধিক শ্লোগানো লিখিছে কৃষকসকলে। তাত লিখা আছে, ‘ক’লা আইন উঠাই লওক’, ‘ক’লা আইন বাতিল কৰিবই লাগিব।’










