ASSAM TIMES POST
নতুন দিল্লীঃ ভাৰতীয় ৰেলৱেৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক ৰাজধানী এক্সপ্ৰেছৰ স্পীড পূৰ্বৰ তুলনাত বৃদ্ধি পাব। সেই অনুসৰি পশ্চিম ৰেলৱেয়ে দিল্লী-মুম্বাইৰ মাজত চলাচল কৰা ৰাজধানী এক্সপ্ৰেছৰ পূৰ্বৰ স্পীড প্ৰতি ঘন্টাত ১৩০ কিমিৰপৰা ১৬০ কিমি কৰিবলৈ আগবাঢ়িছে।
সেয়ে হ’লে উক্ত দুই স্থানৰ মাজত ভ্ৰমণৰ সময় পূৰ্বৰ তুলনাত ৫ ঘন্টা হ্ৰাস পাব। পূৰ্বে দিল্লীৰপৰা মুম্বাইলৈ ৰাজধানী এক্সপ্ৰেছত সময় লাগিছিল ১৫.৫ ঘন্টা। কিন্তু এতিয়াৰেপৰা সময় লাগিব মাত্ৰ ১০ ঘন্টা।













