![]()
নিউজ ডেস্কঃ
৩৭০ ধাৰা বাতিল, ৰাম মন্দিৰ নির্মাণৰ কাম আৰম্ভ, সংশোধিত নাগৰিকত্ব আইন গৃহীত ইতিমধ্যে হৈছে। বিজেপি সমর্থক তথা উগ্র দক্ষিণপন্থীসকল এইবাৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ অপেক্ষাত। কিন্তু কেন্দ্রই ইঙ্গিত দিলে, এতিয়াই জনসংখ্যা নিয়ন্ত্রণৰ বাবে কোনো দম্পতিকে বাধ্য কৰাৰ পক্ষত তেওঁলোক নহয়। ছুপ্রিম কোর্টত দাখিল কৰা এক শপতনামাত কেন্দ্রৰ তৰফৰ পৰা জনোৱা হ’ল, ভাৰতত পৰিয়াল পৰিকল্পনা সম্পূর্ণ ঐচ্ছিক। আৰু এতিয়াই তাক পৰিৱর্তন কৰিব নিবিচাৰে কেন্দ্রই।
উল্লেখ্য, বিজেপিৰ এজন অধিবক্তা নেতা অশ্বিনী কুমাৰ উপাধ্যায়ে কিছুদিন আগতে দিল্লী হাইকোর্টত জনসংখ্যা নিয়ন্ত্রণৰ বাবে নিয়মাৱলী বান্ধি দিয়াৰ দাবীত এখন আবেদন দাখিল কৰিছিল। তেওঁৰ অনুৰোধ আছিল, আদালতে জনসংখ্যা নিয়ন্ত্রণৰ লক্ষ্যত দুটা সন্তান নীতিৰ দৰে নির্দেশনা বান্ধি দিয়ক। কিন্তু দিল্লী হাইকোর্টে উক্ত বিজেপি নেতাজনৰ আবেদন খাৰিজ কৰে। কিন্তু তাতেই ক্ষান্ত নাথাকি অশ্বিনী কুমাৰ উপাধ্যায়ে এইবাৰ আবেদন কৰে ছুপ্রিম কোর্টত। তেওঁ কৰা আবেদনৰ ভিত্তিতেই কেন্দ্রৰ মত জানিব বিচাৰিছিল শীর্ষ আদালতে। বিগত ৭ ডিচেম্বৰত নিজৰ মত জনাই আদালতত এখন শপতনামা দাখিল কৰে মোদী চৰকাৰে।
কেন্দ্রৰ শপতনামাত কোৱা হৈছে, ”ভাৰতত জনসংখ্যা নিয়ন্ত্রণৰ বিষয়টো সম্পূৰ্ণ ঐচ্ছিক। যিয়ে নেকি প্রত্যেক দম্পতিক অধিকাৰ দিয়ে, তেওঁলোকৰ পছন্দ মতে পৰিয়ালৰ সদস্য সংখ্যা আৰু পৰিয়াল নিয়ন্ত্রণৰ পদ্ধতি বাছি লোৱাৰ। এইটো সম্পূর্ণভাৱে তেওঁলোকৰ ওপৰত নির্ভৰ কৰে আৰু কাকোৱেই বাধ্য কৰোৱা নহয়। আৰু কেন্দ্র পৰিয়াল নিয়ন্ত্রণৰ বাবে নির্দিষ্ট নিয়মাৱলী জাপি দিয়াৰ বিপক্ষে।”










