![]()
নিউজ ডেস্কঃ
হাৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰলাল খট্টৰৰ কনভয় আম্বালালৈ যোবাৰ সময়তে ক’লা পতাকা প্ৰদৰ্শন কৰে বিক্ষুব্ধ কৃষকে। চৰকাৰবিৰোধী শ্লোগানো দিয়ে। কেইবা ঠাইতো পথ অৱৰোধ কৰে। এই ঘটনা সংঘটিত হৈছিল মঙ্গলবাৰে। এইবাৰ এই ঘটনাত ১৩ জন কৃষকৰ বিৰুদ্ধে মনোহৰলাল খট্টৰক হত্যাৰ চেষ্টাৰ গোচৰ তৰিলে হাৰিয়ানা আৰক্ষীয়ে। আনহাতে, আৰক্ষীৰ এই কাৰ্যৰ তীব্র গৰিহণা দিছে কংগ্রেছে।
উল্লেখ্য যে মঙ্গলবাৰে আম্বালাত পৌৰসভাৰ নিৰ্বাচনৰ প্রচাৰলৈ গৈছিল হাৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰলাল খট্টৰ। তেওঁৰ কনভয়ক লক্ষ্য কৰি ক’লা পতাকা দেখুৱায় কৃষকসকলে। আৰক্ষীয়ে জনোৱা মতে, কেইবাজনো কৃষকে লাঠি ডাঙি আক্ৰমণৰ চেষ্টা কৰে। কিছু স্থানত কনভয়ৰ পথ অৱৰোধৰ চেষ্টা কৰে কৃষকসকলে। তাৰ বাবেই উক্ত অভিযোগ আনিছে আৰক্ষীয়ে।
ইফালে হাৰিয়ানা কংগ্রেছৰ নেত্ৰী কুমাৰী সৈলজাই জনোৱা মতে, কৃষকসকলৰ বিৰুদ্ধে গোচৰ তৰি সকলো সীমা অতিক্ৰম কৰিছে ৰাজ্য চৰকাৰে। গণতন্ত্রত সকলোৰে মাত মতাৰ অধিকাৰ আছে। সেই অধিকাৰ কাঢ়ি নিলে তেওঁলোক ৰাজপথত নামিবলৈ বাধ্য হয়। তেওঁৰ দাবী, চৰকাৰে তৎকালে গোচৰ উঠাই লোৱা উচিত।










