ASSAM TIMES POST
মুম্বাইঃ মহাৰাষ্ট্ৰৰ বানপানীৰ পৰিপ্ৰেক্ষিতত কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু চুপাৰষ্টাৰ আমিৰ খানে মুঠ ৩৬ লাখ টকাৰ সাহায্য আগবঢ়াইছে।
সেই অনুসৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ লতা মংগেশকাৰে ১১ লাখ আৰু আমিৰ খানে ২৫ লাখ টকা প্ৰেৰণ কৰে। শিল্পী দুগৰাকীৰ এই বদান্যতাত ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাবিছে।













