![]()
নিউজ ডেস্কঃ
কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী আঁচনিত আগন্তুক পাঁচ বছৰত দেশৰ ৪ কোটি ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব ছাত্ৰবৃত্তি৷ ইয়াৰ বাবে মুঠ খৰচ হ’ব ৫৯ হাজাৰ কোটি টকা। এই ধনৰ ৬০ শতাংশ অৰ্থাৎ ৩৫ হাজাৰ ৫০০ কোটি টকা খৰচ কৰিব কেন্দ্ৰীয় চৰকাৰে৷ আনহাতে, বাকী ৪০ শতাংশ প্ৰদান কৰিব লাগিব ৰাজ্য চৰকাৰসমূহে৷ অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীক দিবলগীয়া ছাত্ৰবৃত্তিৰ নিয়মৰ সাল-সলনি কৰি এই আঁচনিৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে। মেট্ৰিকোত্তৰ ছাত্ৰবৃত্তি আঁচনিৰ অধীনত প্ৰথম অৱস্থাত এই আঁচনিত সামৰি লোৱা হ’ব ৪ কোটি ছাত্ৰ-ছাত্ৰী।
আনহাতে, এই বৃত্তিৰ ধনৰাশি ছাত্ৰ-ছাত্ৰীসকলে পোনপটীয়াকৈ লাভ কৰিব নিজৰ বেংক একাউণ্টত৷ এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী থাৱৰ চন্দ্ৰ গেহলটৰ৷ উল্লেখ্য যে পূৰ্বতে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য চৰকাৰ, তাৰ পিছত জিলা প্ৰসাসনৰ জৰিয়তে এক দীঘলীয়া প্ৰক্ৰিয়াৰে এই আঁচনিৰ ধন ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা হৈছিল৷ দিছিল ধনৰাশি। বৰ্তমান এই প্ৰক্ৰিয়া সৰল আৰু খৰতকীয়া কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লোৱা বুলি প্ৰকাশ।
উল্লেখ্য, এই আঁচনিৰ জৰিয়তে একাদশ শ্ৰেণীৰ পৰা আৰম্ভ কৰি উচ্চশিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হয়।











