ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙত দীৰ্ঘদিন ধৰি অব্যাহত আছে চোৰাং কাঠ সৰবৰাহৰ অবৈধ কাৰ্য। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ চোৰাং কাঠ ব্যৱসায়ীয়ে কাৰ্বি পাহাৰত অবাধে চলাইছে বন ধ্বংস কাৰ্য।
এইবাৰ অসম-মেঘালয় সীমান্তৰ উমপ্লুঙ আৰু খাচীস্কাপ নামৰ গাঁৱৰ পৰা চোৰাংকৈ গছ কাটি ট্ৰাকেৰে মেঘালয়লৈ সৰবৰাহ কৰি থকা অৱস্থাত দুখনকৈ মেঘালয়ৰ ট্ৰাক জব্দ কৰে খেৰণি বন বিভাগে।
ইয়াৰ কিছুদিন পূৰ্বেও খেৰণি বন বিভাগে অসম-মেঘালয় সীমান্তৰ পিচিয়াৰ আৰু মক্ৰুৰ পৰা চোৰাং কাঠৰ কুণ্ডাসহ মেঘালয়ৰ দুখনকৈ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে খেৰণি বন বিভাগৰ ব্যাপক অভিযানত ইতিমধ্যে জব্দ কৰা এখন ট্ৰাক নম্বৰ বিহীন আৰু আনখন ট্ৰাকৰ নম্বৰ হৈছে ML-04,0003।
গুৰুত্বপূৰ্ণ যে অসম-মেঘালয়ৰ সীমান্তত খেৰণি বন বিভাগে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে যদিও বিভাগীয় গাড়ীৰ অভাৱ আৰু পৰ্যাপ্ত কৰ্মীৰ অভাৱত বিভাগটোৱে সমস্যাৰ সম্মুখীন হৈ আহিছে বুলি প্ৰকাশ কৰিছে বন বিভাগৰ বন কৰ্মীয়ে। মন কৰিবলগীয়া যে এনেদৰেই এতিয়া পশ্চিম কাৰ্বি আংলঙত মেঘালয়ৰ বন ধ্বংস আৰু কুণ্ডা সৰবৰাহৰ অবৈধ চুৰি কাৰ্য্য আজিও অব্যাহত আছে।












