![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ডিফুৰ ফাৰ্মাছ গ্রউথ চেন্টাৰত আজিৰে পৰা দুদিনীয়া কার্যসূচীৰে অনুষ্ঠিত কৰা হৈছে সদৌ অসম ন্যায়িক কর্মচাৰী সন্থাৰ দশম দ্বিবার্ষিক আৰু সপ্তবিংশতিতম বার্ষিক অধিৱেশন। পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পন আদিৰে অধিবেশনৰ কাম কাজ আৰম্ত হোৱাৰ পিছতে বিয়লিৰে পৰা সন্থাৰ সভাপতি মঃ আলহাজ আব্দুল হকৰ পৌৰুহিত্যত অধিবেশনৰ সাধাৰণ সভা আৰম্ভ কৰা হৈছে।

উদ্যোক্তাসকলে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকলক একোখনকৈ কাৰ্বি পহ’ৰে উষ্ম আদৰণি জনায় ৷ অধিবেশন আৰম্ভণিৰ পূৰ্বে সন্থাৰ প্ৰয়াত সদস্যসকলৰ আত্মাৰ চিৰশান্তিৰ বাবে ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ৷ অধিৱেশন উপলক্ষে কালিৰে পৰা অসমৰ প্রায়কেইখন জিলাৰে প্রতিনিধিসকল পাহাৰীয়া চহৰখনত উপস্থিত হৈছেহি। অধিবেশনলৈ সমগ্র অসমৰ ৰাইজৰ পৰা আশানুৰুপ সহাৰি লাভ কৰা বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।
ইয়াৰোপৰি আজিৰ সভাত সন্থাৰ বিভিন্ন দাবী সন্দৰ্ভত আলোচনা কৰাৰ লগতে পুৰণি সমিতিখন ভংগ কৰি নতুন সমিতি গঠন কৰা হ’ব বুলিও মন্তব্য কৰে৷












