![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সদ্য প্রয়াত অসমৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ অস্থিভস্ম আজি কার্বি আংলং জিলাৰ ডিফু নৈত বিসর্জন দিয়া হয়। এই উদ্দেশ্যে, আজি পুৱাৰ ভাগত ডিফু চহৰৰ মাজ মজিয়াত থকা চেমচনছিং ইংতি স্মৃতি উদ্যানত এক সর্বধৰ্ম র্প্রার্থনা অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছতে সদলবলে ডিফুৰ বিক্রিয়েশ্যন পার্কত ডিফু নদীত প্রয়াত নেতাগৰাকীৰ অস্থিভস্ম বিসর্জন দিয়া হয়। যোৱা ৯ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা শান্তি সদ্ভাৱনা যাত্ৰাৰ অংশ স্বৰূপে প্ৰয়াত নেতা গৰাকীৰ অস্থি ভষ্ম এতিয়ালৈকে ১৮ খন জিলাত বিসৰ্জন দিয়া হৈছে আৰু অহা ২২ ডিচেম্বৰত এই কাৰ্যসূচী সম্পন্ন হব বুলি জানিব পৰা গৈছে ৷
উক্ত অনুষ্ঠানত প্রদেশ কংগ্রেছৰ সম্পাদক দাদু টায়ে, প্রদেশ কংগ্রছৰ মুখ্যপাত্র ডাঃ মংৰে ৰংপি, কার্বি আংলং জিলা কংগ্রেছৰ কার্যকৰী সভাপতি অশোক টেৰণকে ধৰি দলটোৰ ভালেসংখ্যক নেতা-কর্মী, ছাত্র সংগঠনৰ প্রতিনিধি আদি উপস্থিত থাকে।












