![]()
ছাইদুল ইছলাম
ডিফু : এইবাৰ ডিফুৰ বিভিন্ন এলেকাৰ সামাজিক উৎকৰ্ষ সাধনৰ বাবে ব্ৰতী হৈছে গাঁওৰক্ষী বাহিনীৰ পুৰুষ আৰু মহিলা কোষৰ সদস্যসকল ৷ আজি পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুৰ শীতলাবাৰী আৰু ৰামঠাকুৰ কলনিত গাওঁৰক্ষী বাহিনীৰ সদস্য সকলে হাতে হাতে ঝাড়ু, টুকুৰীলৈ চাফাই অভিযান চলায় ৷

ইয়াৰ পিছত ৰাম ঠাকুৰ কলনিত শীতলাবাড়ী গাওঁৰক্ষী বাহিনীৰ সভাপতি ভৱতোষ ভৌমিকৰ পৌৰুহিত্যত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷ সভাত গাওঁৰক্ষী বাহিনীৰ থানা কমিটিৰ সভাপতি হেমাৰি তিমুঙ, উপ-উপদেষ্টা কুমচিং টেৰণ, শীতলাবাড়ী ভিডিপিৰ সম্পাদক সাধন ৰঞ্জন দাস ৰামঠাকুৰ কলনিৰ গাওঁৰক্ষী বাহিনীৰ মহিলা সভানেত্ৰী ৰত্না দেৱনাথ উপস্থিত থাকে ৷












