![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : বকলীয়াঘাটৰ হালধিআটি গাঁৱত আজি পুৱাৰ ভাগত এটা অজগৰ উদ্ধাৰ কৰা হয়। প্ৰাপ্ত তথ্য অনুসৰি, বকলীয়াঘাট নগৰ এলেকাৰ অন্তৰ্গত হালধিআটী গাঁৱত যোৱা প্ৰায় এমাহ ধৰি অজগৰটোৱে ভালেসংখ্যক কুকুৰাৰ পোৱালী নিধন কৰি একপ্ৰকাৰ সন্ত্ৰাস চলাই আহিছিল। আজি পুৱা গাঁওখনৰ এগৰাকী মহিলাই এটা হাফলুত প্ৰায় তিনিফুট দৈৰ্ঘ্যৰ অজগৰটো প্ৰত্যক্ষ কৰি অজগৰটো ধৰি স্থানীয় লোকৰ সহযোগত বন বিভাগক চমজাই দিয়ে ।













