![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সদৌ অসম কৰ্মচাৰী পৰিষদৰ পাৰখোৱা আঞ্চলিক সমিতিখন আজি গঠন কৰা হয় । এই উদ্দেশ্যে আজি বিয়লি পাৰখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুচন্দ্ৰ নাথ বায়নৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক সভাত মুক্তাৰাম কলিতাক সভাপতি আৰু সুব্ৰত দাসক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ১৫ জন সদস্যৰে সমিতিখন গঠন কৰা হয় । সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে ৰুহুল আমিন আৰু হিৰণ্য বৰা সভাখনত পৰ্যৱেক্ষক হিচাপে উপস্থিত থাকে।













