![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : আসমীয়া কলা-সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ নিৰলস প্ৰচেষ্টা কৰি সংস্কৃতিৰ বৰঘৰ সমৃদ্ধ কৰা অসমীয়া জাতিৰ প্ৰাণৰ শিল্পী আছিল জ্যোতিপ্ৰসাদ আগৱালা ৷ এই গৰাকী মহান শিল্পীক সন্মান জনোৱাৰ উদ্দেশ্যে জাতিয়ে প্ৰতি বছৰে তেখেতৰ মৃত্যু দিনটো শিল্পী দিৱস ৰূপে পালন কৰি আহিছে ৷ অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই প্ৰতি বছৰে শিল্পী দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰি আহিছে ৷
নৱ বৰ্ষৰ ১৭ জানুৱাৰীত অসম সাহিত্য সভাই শিল্পী দিৱস উদ্যাপন কৰিব কাৰবি আংলং জিলাৰ হাওৰাঘাটত ৷ কাৰবি আংলং জিলা সাহিত্য সভাৰ সৌজন্যত আৰু হাওৰাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হ’ব লগা শিল্পী দিৱসৰ লগত সংগতি ৰাখি এখন স্মৰণিকা প্ৰকাশৰো ব্যৱস্থা কৰা হৈছে ৷ ইতিমধ্যে বিশিষ্ট কবি অৰুণ টেৰণক সভাপতি আৰু নিবন্ধকাৰ ভবেন বৰুৱাক সম্পাদৰৰূপে লৈ গঠন কৰা হৈছে এখন সম্পাদনা সমিতি ৷ সেয়ে লেখক সমাজক নিম্নউল্লেখিত ই মেইলত গীতাঞ্জলি বৰ্ণমালাত পেজমেকাৰ কৰি লেখনিসমূহ প্ৰেৰণ কৰিবলৈ সম্পাদকে আহৱান জনাইছে ৷ bboruah77@gmail.com বা sbora9999@gmail.com.













