ষ্টাফ ৰিপ’ৰ্টাৰ:
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বিৰুদ্ধে বীৰত্বৰে যুঁজি শ্বহীদ হোৱা অসম সন্তান মৃত্যুঞ্জয় চুতীয়াৰ ধেমাজি জিলাৰ চিচিবৰগাঁৱৰ গেলুৱা গাঁওস্থিত বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমাধিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
লগতে বীৰ শ্বহীদগৰাকীৰ পৰিয়ালবৰ্গলৈ তেখেতে গভীৰ সমবেদনা জনাই অসম চৰকাৰৰ তৰফৰ পৰা ২০ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়।
মৃত্যুঞ্জয়ৰ সপোন বাস্তৱায়িত কৰাৰ বাবে তেখেতৰ সমাধিক্ষেত্ৰৰ কাষতে এখন শিশু উদ্যান নিৰ্মাণ কৰি শ্বহীদগৰাকীৰ নামেৰে নামকৰণ কৰিবলৈ জিলা উপায়ুক্তক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।













