![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কেন্দ্রীয় চৰকাৰে শেহতীয়াকৈ কার্যকৰী কৰা তিনিখনকৈ কৃষি আইনৰ বিৰদ্ধে দেশজুৰি তীব্র আন্দোলন-বিক্ষোভে গা কৰি উঠাৰ সময়তে এই তিনিওখন বিতর্কিত কৃষি আইন বাতিল কৰাৰ দাবীত কার্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত ধর্ণা কার্যসূচী প্রদর্শন কৰে চিপিআই (এমএল) দলে। দলটোৰ ভালেসংখ্যক নেতাকর্মীয়ে আজি ডিফুৰ চেমচনছিং ইংতি স্মৃতি উদ্যানত দলীয় পতাকা লৈ বিভিন্ন শ্ল’গানেৰে কার্বিআংলং কিষাণ শ্রমিক সভা, কার্বি আংলং নির্মাণ শ্রমিক আৰু এআইচিচিটিইউৰ তৰফৰ পৰা ইয়াৰ বিৰুদ্ধে উত্তাল প্রতিবাদ সাব্যস্ত কৰে।
প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি দলটোৰ জ্যেষ্ঠ নেতা ৰবি কুমাৰ ফাংছই কৃষি আইনকেইখনক কঠোৰ ভাষাৰে সমালোচনা কৰি চৰকাৰে কৃষক সংগঠনসমূহক বাৰে বাৰে আলোচনালৈ আমন্ত্রণ জনায়ো আইন কেইখন বাতিল কৰিবলৈ মান্তি নোহোৱা বাবে কঠোৰ ভাষাৰে সমালোচনা কৰে।
আনহাতে, আজিও পূর্বৰ দলে কৃষক সংগঠন আৰু চৰকাৰৰ মাজত আলোচনা ব্যর্থ হ’লে আগত সময়ত চিপিআই (এমএল)ৰ লগতে কে এনচিএ, এইচএছডিচি, কেএছএ, কৃষক সংগঠন, শ্রমিক সংগঠন সকলোৰে সম্মিলিতভাৱে অনাগত দিনত অধিক তীব্রতৰ আন্দোলনৰ কার্যসূচী হাতত ল’ব বুলি নেতাগৰাকীয়ে স্পষ্ট কৰি দিয়ে।












