![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি জনজাতিসকলৰ বুকুৰ আমঠু ৪৭ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ অভ্যৰ্থনা সমিতিখন আজি গঠন কৰা হয় ৷ আজি ডিফুৰ তাৰালাংছস্থিত কাৰবি পিপুলছ হলত অনুষ্ঠিত এক সভাত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰঙহাঙক বিত্ত উপ-সমিতিৰ অধ্যক্ষ হিচাপে বাচনি কৰা হয় ৷

পৰিষদৰ কাৰ্যবাহী সদস্য মঙলচিং তিমুঙক সভাপতি, প্ৰাক্তন কাৰ্যবাহী সদস্য সুৰ্য ৰংফাৰক কাৰ্যকৰী সভাপতি ক্ৰমে, অশোক টেৰণ, নেলচন টেৰণ, ৰবি কুমাৰ ফাংচ’, প্ৰাক্তন আইএছ বিষয়া জে আই কাথাৰক উপ-সভাপতিৰ দায়িত্ব অৰ্পন কৰে ৷ সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰে ৰিচাৰ্ড টকীবীয়ে ৷ সহকাৰী সম্পাদক হিচাপে দায়িত্ব লাভ কৰে ক্ৰমে, কেএনএলএফৰ অধ্যক্ষ পি দিলী, ৰামচিং টকবী, লাইচেন ইংলেং, মেৰিণা বেপী, আৰু কুংৰী টিমুঙপী ৷

কাৰ্যালয় সম্পাদক হিচাপে ক্ৰমে, গবিন তেৰাঙ, মিৰজেঙ ক্ৰ’, লংচিং ৰংপি ৷ উপদেষ্টা মণ্ডলী ক্ৰমে সাংসদ হৰেণচিং বে’, পাৰ্বত্য উন্নয়ন মন্ত্ৰী ছুম ৰংহাঙ ৷ সভাত উপস্থিত থকা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ঘোষণা কৰে যে, আগন্তক ৪৭ সংখ্যক কাৰবি যুৱ মহোৎসৱৰ বাবে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা ১ কোটি টকা বাজেট কৰা হৈছে ৷












