অজন্তা তালুকদাৰ:
বোকাখাত : জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসমৰ সৌজন্যত আৰু বোকাখাতৰ বেলগুৰি যুৱ সংঘৰ উদ্যোগত যোৱা ২৭ ডিচেম্বৰত অগৰাতলিৰ ওচৰৰ বেলগুৰি গাঁৱত শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰা হয়।
জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসমৰ সভাপতি ৰেৱকান্ত গগৈ আৰু সাংগঠনিক সম্পাদক প্ৰীতি ৰঞ্জন বৰুৱাৰ নেতৃত্বত উদযাপিত হোৱা এই ৰাসলীলাত কলা-কুশলী সকলে সুন্দৰ অভিনয়েৰে সকলোৰে প্ৰশংসা বুলিবলৈ সক্ষম হয় ।
জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসমৰ মুখ্য উপদেষ্টা পৃথিৱী ৰাভা, সম্পাদক প্ৰহ্লাদ মিলি, বিষয়ববীয়া জগদীশ পাটগিৰি , গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী অনিল কুমাৰ চাহ , চতুৰ কুমাৰ সিং আদি যথেষ্ট সংখ্যক বিষয়ববীয়াৰ লগতে বোকাখাতৰ বিভিন্ন ঠাইৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি এই ৰাসলীলা উপভোগ কৰে ।
বেলগুৰি যুৱ সংঘৰ সভাপতি তথা ৰাস পৰিচালনা সমিতিৰ সম্পাদক ৰেৱ পাটগিৰি , যুৱ সংঘৰ সম্পাদক কামদেৱ কাৰ্দং , ৰাস পৰিচালনা সমিতিৰ সভাপতি সোণেস্বৰ কাৰ্দং তথা বেলগুৰিবাসী ৰাইজৰ সম্পূৰ্ণ সহযোগিতাত সুন্দৰভাৱে উদযাপিত হোৱা শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ ৰাস পৰিচালনাত আছিল জান কলিতাৰ, আলোক সজ্জাৰ মুখ্য দায়িত্বত আছিল প্ৰীতি ৰঞ্জন বৰুৱা, সহকাৰী বুবু দাস, সংগীতৰ মুখ্য দায়িত্বত অমল দাৱ, সহকাৰী পৰিস্মিতা কাৰ্দং, নৃত্য পৰিচালনাত নিপা ডেকা, শব্দ সপোন দলেৰ, দৃশ্য সজ্জাত দূৰ্লভ ভৰালী আৰু সাজ সজ্জাত কুমুদ দাস।
উল্লেখ্য যে এই ৰাসলীলা পৰিবেশনত বেলগুৰিৰ দৰে ভিতৰুৱা জনগোষ্ঠীয় গাঁৱৰ নিকতবৰ্তী তিনিখনকৈ জনগোষ্ঠীয় গাঁৱৰ ৰাইজৰ একত্ৰিত আৰু একনিষ্ঠ সহযোগ নিতান্তই লক্ষণীয় বুলি পৰগণিত হৈছে উপস্থিত অতিথি, দৰ্শকৰ দৃষ্টিত।
লগতে সাম্প্ৰতিক পশ্চিমীয়া সংস্কৃতিৰ আগ্ৰাসনৰ বিপৰীতে অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ ৰক্ষা আৰু আগবঢ়াই নিয়াৰ বাবে খুবেই আশাব্যঞ্জক বুলি সচেতন মহলে মত পোষণ কৰিছে।












