![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ২০২০ৰ অন্তিম দিনটোত অসমৰ পার্বত্য জিলাখনৰ দীর্ঘদিনীয়া ৰাজনৈতিক দাবী পূৰণ কৰাৰ দাবীত পুনৰবাৰ তৎপৰ হৈ পৰিছে জিলাখনৰ কেইবাটাও দল-সংগঠন। আজি ডিফুস্থিত কাঞ্চাচডিকমৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি এই কথা সদৰি কৰে ৷ সংবাদমেলত উপস্থিত থকা কাঞ্চাছডিকম, কেএছএ ডিএছইউকে আদি কৰি বিভিন্ন সংগঠনে সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি প্ৰথমবাৰৰ বাবে স্বায়ত্তৰাজ্যৰ দাবীত পাৰ্বত্য জিলা দুখনৰ জনপ্ৰতিনিধি সকলে ঐক্যবদ্ধ বাবে স্বাক্ষৰ কৰি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে ৷

সংগঠনসমূহে জানিবলৈ দিয়া মতে ৰাজ্যৰ সমাগত বিধানসভা নির্বাচনৰ পূর্বে এলেকাটোৰ দীর্ঘদিনীয়া ৰাজনৈতিক দাবী অনুসৰি পার্বত্য জিলাকেইখনক সামৰি ভাৰতীয় সংবিধানৰ ২৪৪ (ক) ধাৰাৰ অধীনত এখনি স্বায়ত্তশাসিত ৰাজ্য গঠনৰ বাবে অহা এপ্রিলত সংসদৰ অধিৱেশনত এই সম্পর্কীয় বিধেয়ক উত্থাপন কৰাৰ দাবীৰে আজি দেশৰ প্রধানমন্ত্রীলৈ এখনি মুকলি পত্র প্রেৰণ কৰা হয়।

উক্ত দাবীৰ সমর্থনত সুদীর্ঘ দিন ধৰি আন্দোলন চলাই অহা এলেকাটোৰ অন্যতম সংগঠন কাঞ্চাছডিকমৰ নেতৃত্বত কার্বি আদৰবাৰ, কাৰবি ছাত্র সন্থা , ডিমাচা ছাত্র সন্থা, জুড়িখে নাইছ হচম, কার্বি ৰিচ’ আদৰবাৰ, কার্বি চ আৰল’ আমেই, কার্বি নিবনুবা যুৱ সন্থাকে ধৰি কেইবাটাও সংগঠনৰ উদ্যোগত আজি এই পত্র প্রেৰণ কৰা হয়। আজি প্রধানমন্ত্রীলৈ উক্ত আৰ্জি জনাই প্রেৰণ কৰা পত্রত ডিফুৰ সাংসদ হৰেণছিং বে, মন্ত্রী চুম ৰংহাং, বোকাজানৰ বিধায়ক ডাঃ নোমল মমিন, হাওৰাঘাটৰ বিধায়ক জয়ৰাম ইংলেং, বৈঠালাংছৰ বিধায়ক ডাঃ মানছিং ৰংপি, হাফলঙৰ বিধায়ক বীৰভদ্র হাগজেৰ তথা বিভিন্ন দল-সংগঠনৰ নেতৃবর্গই স্বাক্ষৰপ্রদান কৰে।













