নিউজ ডেক্স:
পূর্বাভাস মতেই বছৰৰ প্রথম দিনাই প্রায় শূন্যৰ ওচৰলৈ গ’ল দিল্লীৰ তাপমাত্রা। বতৰ বিজ্ঞান বিভাগৰ মতে, শুক্রবাৰে ৰাজধানীৰ সর্বনিম্ন তাপমাত্রা ১.১ ডিগ্রি চেলচিয়াছ। চলিত বছৰত এইটোৱেই শীতলতম দিন। কেৱল সিমানে নহয়, বিগত ১৫ বছৰৰ সর্বনিম্ন তাপমাত্ৰা।
ঠাণ্ডাৰ লগে লগে বাঢ়িছে কুঁৱলীও। পুৱাৰ পৰাই কুঁৱলীৰে ঢাকি আছে দিল্লীৰ আকাশ। দৃশ্যমানতা ক’ৰবাত শূন্যলৈ নামি গৈছে। ফলত যান-বাহন চলাচলৰ ওপৰত প্রভাব পৰিছে।
উল্লেখযোগ্য যে বিগত কেইবা দিনো ধৰি দিল্লীৰ সর্বনিম্ন তাপমাত্রা কমিছে। চলিছে শীত প্রবাহ। বতৰ বিজ্ঞান বিভাগে জনাইছে, যোৱা ডিচেম্বৰতেই আঠটা শীত প্রবাহৰ সন্মুখীন পড়তে হৈছে দিল্লী।












