![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : অসম চৰকাৰৰ প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক পর্যায়ত প্রথম বিভাগত সুখ্যাতিৰে উত্তীর্ণ হোৱা কার্বি আংলং আৰু পশ্চিম কার্বি আংলং জিলাৰ মুঠ ২৮২ গৰাকী মেধাবী ছাত্রীক মাজত বিনামূলীয়া স্কুটি বিতৰণ প্রক্রিয়াৰ আজি শুভাৰম্ভ কৰা হয়।
এই উদ্দেশ্যে আজি ডিফুস্থিত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয় চৌহদত আয়োজিত এক আড়ম্বৰপূর্ণ অনুষ্ঠানত উপস্থিত থাকি প্রদান কৰা ভাষণত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে চৰকাৰে নির্বাচনৰ পুর্বে প্রদান কৰা প্রতিশ্রুতি অনুসৰি মেধাৱী ছাত্রীসকলৰ মাজত স্কুটিসমূহ বিতৰণ কৰা হৈছে বুলি মন্তব্য কৰে।

আনহাতে, ডিফু চিকিৎসা মহাবিদ্যালয়ত ইতিমধ্যে এশগৰাকী ছাত্র ছাত্ৰী নামভর্তি কৰাৰ লগতে অহা পহিলা ফেব্রুৱাৰীৰ পৰা চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান প্রক্রিয়া আৰম্ভ কৰা হ’ব বুলি মুখ্য কার্যবাহীগৰাকীয়ে কয়।
লগতে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই চিকিৎসা মহাবিদ্যালয়ৰ পাঠদানৰ কার্যসূচীৰ শুভাৰম্ভ কৰিব বৃলিও মুখ্য কার্যবাহীগৰাকীয়ে সদৰি কৰে।
সভাখনত উপস্থিত থাকি প্রদান কবা ভাষণত ডিফুৰ সাংসদ হৰেণছিং বে ‘ই মেধাৱী ছাত্রীসকলে দীর্ঘদিনৰ সাধনা আৰু শ্ৰমৰ বিনিময়ত এই পুৰষ্কাৰ লাভ কৰা বুলি মন্তব্য কৰি ইয়াৰ সু-ব্যৱহাৰৰ বাবে পৰামর্শ আগবঢ়ায়।
বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনে প্রদান কৰা ভাষণত মেধাৱী ছাত্রীসকলে অনাগত দিনতো চৰকাৰৰ পৰা অনুৰূপ সঁহাৰি লাভ কৰিব বুলি মন্তব্য কৰি স্কুটি লাভ কৰাৰ ফলত মেধাৱী ছাত্রীসকলৰ সময় আৰু শ্রম লাঘৱ হোৱাৰ ফলত অধ্যয়নত অধিক সময় আৰু মনোযোগ দিয়াৰ সুযোগ লাভ কৰিব বুলি মন্তব্য কৰে।
উল্লেখযোগ্য যে, উক্ত আঁচনিৰ অধীনত কার্বি আংলং জিলাৰ মুঠ ২৩৫ গৰাকী ছাত্রীয়ে এই পুৰষ্কাৰ লাভ কৰাৰ বিপৰীতে পশ্চিম কার্বি আংলং জিলাৰ ৪৭ গৰাকী ছাত্রীয়ে বিনামূলীয়া স্কুটি লাভ কৰিবলৈ সক্ষম হৈছে। পশ্চিম কার্বি আংলঙত কাইলৈ স্কুটিসমূহ বিতৰণ কৰা হ’ব৷












