ষ্টাফ ৰিপ’ৰ্টাৰ:
কলিয়াবৰৰ নিজৰি গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৩০ ফুট তলত বাগৰি পৰিল বাইকসহ তিনি আৰোহী। AS-02-AD-6654 নম্বৰৰ এই বাইকখনে দ্ৰুতগতিত অহা ফলতেই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰে।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় হাতীগাঁৱৰ জালালউদ্দিন, হাটবাগানৰ নাচিৰউদ্দিন আৰু নিজৰি গাঁৱৰ ইনুচ আলী। আহত তিনিওজনকে সংকটকজনক অৱস্থাত জখলাবন্ধা এফ আৰ ইউ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।













