নিউজ ডেস্কঃ
সোমবাৰে পুৱা পুনৰ নাৰকোটিক্স কন্ট্রোল ব্যুৰ’ৰ কাৰ্যালয়ত উপস্থিত হয় অভিনেত্রী ৰিয়া চক্রৱর্তী, তেওঁৰ ভাতৃ শৌভিক চক্রৱর্তী আৰু পিতৃ ইন্দ্রজিৎ চক্রৱর্তী।
উল্লেখ্য, জামিন লাভৰ পিছত নিয়মিতভাৱে এনচিবিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হৈছিল। প্রথম ছমাহ ধৰি প্রতি মাহৰ প্রথম সোমবাৰে এনচিবিৰ কাৰ্যালয়ত উপস্থিতি দিব লাগিব। সেই নিয়ম ৰক্ষার্থেই কাৰ্যালয়টোলৈ যায় ৰিয়া আৰু শৌভিক। তেওঁলোকৰ পিতৃ ইন্দ্রজিতো আছিল তেওঁলোকৰ সৈতে।
উল্লেখ্য, দেওবাৰে মুম্বাইৰ চহৰতলিত ঘৰ বিচাৰি ফুৰা দেখা গৈছিল অভিনেত্রী ৰিয়া চক্রৱর্তী আৰু ভাতৃ শৌভিকক। ইমান দিনে ছান্তাক্রুজৰ প্রাইমৰ’জ বিল্ডিঙৰ এটি ঘৰতে আছিল ৰিয়া আৰু তেওঁৰ পৰিয়াল। কিন্তু কিয় তেওঁলোকে নতুন ঘৰৰ সন্ধান কৰিছে তাৰ কোনো স্পষ্ট উত্তৰ লাভ কৰা হোৱা নাই। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত ড্ৰাগছ গোচৰত জড়িত হৈ পৰিছিল দুই ভাই-ভনী। জামিন পোৱাৰ পিছত প্রথমবাৰ একেলগে দেখা গৈছিল দুয়োকে। যোৱা অক্টোবৰত ৰিয়াই আৰু ডিচেম্বৰত জামিন লাভ কৰে শৌভিকে।