![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজানৰ ৪ বছৰীয়া প্ৰকৃতি বৰাই মাত্ৰ ৫৭ চেকেণ্ডত “বন্দে মাতৰম” গীতটি দুয়োটা চকু বান্ধি পিয়ানোত বজোৱাৰ বাবে ইণ্ডিয়া বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰি বোকাজানৰ লগতে সমগ্র কাৰ্বি আংলং জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
ইণ্ডিয়া বুক অব ৰেকৰ্ডছৰ মুখ্য সম্পাদক বিশ্বৰূপ ৰয় চৌধুৰীৰ স্বাক্ষৰিত প্ৰমাণপত্ৰ, মেডেল, কলম, কিতাপ আৰু পৰিচয়পত্ৰ ইতিমধ্যে প্ৰকৃতি বৰাক প্ৰদান কৰিছে। বোকাজানৰ বিজন বৰা আৰু ৰিংকু ভৰালী বৰাৰ একমাত্ৰ কন্যা সন্তান প্ৰকৃতি বৰাই মাতৃৰ তত্বাৱধানত সৰুৰেপৰাই পিয়ানো বজোৱাৰ লগতে বিভিন্ন বিহু মঞ্চত বিহু নৃত্য প্ৰদৰ্শন কৰিও বিশেষ সফলতা বুটলিবলৈ সক্ষম হৈছে ।
সৰুৰে পৰা অতি তীক্ষ্ণ বুদ্ধিৰ প্ৰকৃতি বৰা বৰ্তমান বোকাজানৰ অগ্ৰণী শিক্ষানুষ্ঠান বিদ্যাসাগৰ হাইস্কুলৰ ইউ কে জিৰ ছাত্ৰী । কণমানি ছাত্ৰীগৰাকীৰ এই সফলতাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বোকাজানবাসী ৰাইজে আনন্দ প্ৰকাশ কৰাৰ লগতে ছাত্ৰীগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ।












