ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমীয়াৰ হেঁপাহৰ মাঘ বিহুলৈ মাজত আৰু এটা সপ্তাহ।ৰাজ্য চৌদিশে ভোগালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি।পৰম্পৰাৰ অনুসৰি গাঁওসমূহত আৰম্ভ হৈছে আটকধুনীয়া বিভিন্ন আকৃতিৰ ভেলাঘৰ-মেজি নিৰ্মাণৰ প্ৰস্তুতি।এক কথাত কবলৈ হলে’ গঞা ৰাইজ ব্যস্ত পৰম্পৰা-ৰীতি-নীতি ৰক্ষা কৰি ভোগালীক জীয়াই ৰখাত।
ইফালে গাঁৱৰ তুলনাত গুৱাহাটী মহানগৰীত যান্ত্ৰিকতাৰ কৰাল গ্ৰাসত ক্ৰমাৎ হেৰাই যাব ধৰিছে অসমীয়াৰ স্বাভিমানৰ মাঘ বিহু পূৰ্ব সেই পৰম্পৰা।মহানগৰীত ক্ৰমাত বিলুপ্ত পাব ধৰা ভোগালী পৰম্পৰা ৰীতি-নীতি মহানগৰীত জীয়াই ৰখাৰ প্ৰয়াস এগৰাকীৰ অসমীয়া।
দেহশ্ৰী প্ৰতিযোগিতাত এসময়ত মিষ্টাৰ অসমৰ খিতাপ দখল কৰা ব্যক্তিজনৰ নাম বাবুল চেতিয়া।আগন্তক মাঘবিহুৰ প্ৰতি লক্ষ্য ৰাখি ব্যস্ত গুৱাহাটীবাসীৰ সুবিধা হোৱাকৈ বিক্ৰী বাবে তেওঁ প্ৰস্তুত কৰিছে ভোগালী অন্যতম আকৰ্ষণ মেজি।
বাঁহ-খেৰেৰে সাজি উলিওৱা বিভিন্ন আকাৰৰ মেজি সমূহ বিক্ৰী কৰা তেওঁ ব্যৱস্থা কৰিছে।গুৱাহাটী উলুবাৰী নাৰ্ছাৰী তিনিআলি ‘সতেজ অসম’ নামৰ বিপনীখনত উপলব্ধ হৈছে মেজি সমূহ।
উল্লেখ নিজে প্ৰস্তুত কৰা বিভিন্ন আকাৰৰ মেজিসমূহ বিক্ৰী বাবে এইয়া প্ৰথম পদক্ষেপ চেতিয়া।গ্ৰাহকৰ সুবিধা হোৱাকৈ তিনিটা আকাৰত প্ৰস্তুত কৰা মেজি মূল্য ক্ৰমে ডাঙৰ ২০০০টকা, মজলীয়া ১৫০০ টকা আৰু সৰু ১২০০টকা ধাৰ্য কৰিছে।
গুৰুত্বপূৰ্ণ কথা এই যে চেতিয়াই উল্লেখ কৰা অনুসৰি ১০টা মেজি যোৱা দুটা দিনত ইতিমধ্যে বিক্ৰী হৈছে।প্ৰয়োজনত গ্ৰাহকৰ পৰা অৰ্ডাৰ লৈ মেজি প্ৰস্তুত কৰিব বুলি জানিব দিয়ে।
চেতিয়াই কয় ‘মেজি প্ৰস্তুতৰ বাবে বাঁহসমূহ চেৰাপভাটি পৰা লোৱা হৈছে।বিপৰীতে খেৰ সমূহ গাঁৱৰ পৰা অনা হয়।এটা মেজি সাজিব বাবে নূন্যতম প্ৰয়োজনী হয় ৫-৬ ঘণ্টা।
গাওঁসমূহত অসমীয়া ৰাইজে মাঘ বিহু পৰম্পৰা জীয়াই ৰাখিছে।কিন্তু মহানগৰীত ই ক্ৰমাৎ হেৰাই যাব ধৰিছে।ঠাই অভাৱৰ লগতে মানুহ ব্যক্তিকেন্দ্ৰীক হৈ পৰিছে। ঘৰতে পৰিয়ালৰ সৈতে অসমীয়া পৰম্পৰা যাতে গুৱাহাটীবাসীয়ে জীয়াই ৰাখিব পাৰে তাৰ বাবে সামান্য প্ৰয়াস- চেতীয়াই কয়।