![]()
ছাইদুল ইছলাম
ডিফু : “জাতীয় চেতনা থকা ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক সত্তাসমূহক কেন্দ্ৰীয় দলসমূহে নিশেষ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে আজি ডিফুত এএছডিচিৰ দশম সাধাৰণ সভাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷ অসমৰ সমাজ জীবনত জাতীয়তাবাদ আজিৰ তাৰিখত সংকটৰ গৰাহত বুলি মন্তব্য কৰে গগৈয়ে ৷ নেতাগৰাকীয়ে লগতে কয় যে অসমৰ প্রতিটো জাতি জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ নোহোৱা কৰাৰ বাবে ৰাষ্ট্রীয় ৰাজনৈতিক দলসমূহে পর্যায়ক্রমে আগ্রাসী ভূমিকা গ্রহণ কৰি আহিছে।
তেওঁ ক্ষোভ প্রকাশ কৰি জাতি জনগোষ্ঠীসমূহৰ নিজস্ব ভাষা, সংস্কৃতি, অধিকাৰক চৰকাৰে বাধা প্রদান কৰি আহিছে। ‘কা’ জাপি দিয়াৰ নামত ষষ্ঠ অনুসূচীভূক্ত এলেকাত চৰকাৰে যড়যন্ত্রত লিপ্ত হোৱা বুলি মন্তব্য কৰি অসমত বিদেশীক নাগৰিকত্ব প্রদান কৰাৰ পিছত এইসকল লোকক ষষ্ঠ অনুসূচীভুক্ত এলেকাত বাধা প্রদানৰ ক্ষেত্রত চৰকাৰে কি ব্যবস্থা গ্রহণ কৰিছে বুলি প্রশ্ন উ্থাপন কৰে। চৰকাৰৰৰ এনে যড়যন্ত্রৰ বিৰুদ্ধে কাৰ্বি আংলঙৰ ৰাইজ মাৰবান্ধি ঠিয় দি ২১ৰ নির্বাচনত ইয়াৰ প্রত্যুত্তৰ দিয়াৰ আহ্বান জনায়।

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদত কংগ্ৰেছৰ পৰা বিজেপিলৈ আহি একাংশ নেতাই জাতীয় চিন্তাৰ বিপৰীতে দিল্লীৰ নির্দেশ অনুসৰিহে কাম-কাজ কৰা বুলি মন্তব্য কৰে এনে চৰকাৰে খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰিব নোৱাৰে বুলি দাবী কৰি এইসকল শাসকে দিল্লী দিছপুৰক সন্তুষ্ট কৰি নিজৰ গাদী ৰক্ষাৰ বাবেহে দিনে নিশাই ব্যস্ত থকা বুলি মত প্রকাশ কৰে ৷ খিলঞ্জীয়াৰ আঞ্চলিকতাবাদী ধাৰাক শক্তিশালী কৰি তােলাৰ স্বার্থতে এএছডিচি দলৰ হাত শক্তিশালী কৰি তোলাৰ বাবে কার্বি আংলংবাসী ৰাইজক আহ্বান জনায়। আনহাতে ৭ আৰু ৮ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে ডিফুৰ জয়ছিং দলৈ প্ৰেক্ষাগৃহত প্রাক্তন বিধায়ক হেমছিং তিচ’, কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্রাক্তন কার্যবাহী সদস্য চোনাছিং তেৰাঙ আৰু কাৰ্বি ছাত্র সন্থাৰ প্রক্তন সভাপতি চাৰছিং ইংলেঙৰ যুটীয়া সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় ৷ কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে সভাপতি সভাপতি চন্দ্ৰকান্ত তেৰাঙে ৷












