![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ক’ৰনা মহামাৰীয়ে সকলো স্তব্ধ কৰাৰ পিছত লাহে লাহে স্বাভাৱিক অৱস্থা ঘূৰি আহিছে ৷ সেয়ে পুনৰ লাহে লাহে আগৰ দৰে সকলো কাম আৰম্ভ হৈছে পূৰ্বৰ দৰে ৷ ডিফু শাখা লেখিকা সমাৰোহ সমিতিৰ মাহেকীয়া সাহিত্য বৈঠক আজি প্ৰায় এবছৰৰ পিছত অনুষ্ঠিত হয় ৷ জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সাবিত্ৰী গগৈৰ আমন্ত্ৰণ ক্ৰমে অনুষ্ঠিত সাহিত্য বৈঠকখন শাখাৰ সভানেত্ৰী ৰীণা দেৱে সঞ্চালনা কৰে ৷

মুখ্য অতিথি ৰূপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক তথা লেখক নগেন বৰা ৷ মাহেকীয়া সাহিত্য বৈঠকত দিপালী আম্ফি চেতিয়া, মামণি বৰা, সাবিত্ৰী সুৰ, কৰেন দাস, কৰবী ডেকা ফুকন, ননীমা গগৈ, মাধুৰী বৰুৱা, উৎপলা ঠাকুৰ, কামিনী বড়ো প্ৰমুখ্যে বিভিন্ন জনে গল্প, কবিতা আৰু প্ৰবন্ধ পাঠ কৰে ৷ অনুষ্ঠানটো গীতেৰে সজীৱ কৰে পুতু দেৱী, নৈবেদ্য গগৈ আৰু প্ৰিয়াংশ্ৰী শৰ্মাই ৷ মাহেকীয়া সাহিত্য বৈঠকত জিলা মহিলা সমিতিৰ সভানেত্ৰী-সম্পাদিকা খিৰলা তেৰাংপী, সুবৰ্ণ চেতিয়া, জ্যেষ্ঠ নাগৰিক ৰবীন গোস্বামী প্ৰমুখ্যে সন্মানীয় ব্যক্তি উপস্থিত থাকি লেখক-লেখিকাসকলক উৎসাহিত কৰে৷













