ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

উগ্ৰপন্থীৰ গুলীত প্ৰাণাহুতি দিয়া শ্বহীদ জোৱানৰ স্মৃতি তোৰণ উন্মোচন কণমানি পুত্ৰৰ

কাৰবি আংলং আৰক্ষীৰ পদক্ষেপক প্ৰশংসা বিজ্ঞ মহলৰ

News Desk by News Desk
January 9, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

ছাইদুল ইছলাম

ডিফু : কাৰবি আংলং আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপৰ বাবেই এটি কণমানি শিশু পুত্ৰই উগ্ৰপন্থীৰ গুলীত প্ৰাণাহুতি দি শ্বহীদ বৰণ কৰাৰ পিতৃৰ স্মৃতি তোৰণ উন্মোচন কৰিবলৈ সুযোগ পালে ৷ কাৰবি আংলং আৰক্ষীৰ এনে পদক্ষেপক বিজ্ঞমহলে উচ্চ প্ৰশংসা কৰিছে ৷

অসম আৰক্ষীৰ বীৰ জোৱান বীৰ শ্বহীদ কীৰ্তিচক্ৰ গৌতম কোচৰ স্মৃতিত কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট থানাৰ অন্তৰ্গত ১নং বালিজান গাঁৱৰ ১নং বালিজান প্ৰাথমিক বিদ্যালয়ৰ চৌহদত জিলাখনৰ আৰক্ষীয়ে নিৰ্মাণ কৰি উলিওৱা চৌহদৰ দেৱাল আৰু প্ৰৱেশ পথৰ তোৰণৰ আজি শুভ উন্মোচন কৰা হয়।

dp2 1 | ASSAM TIMES POST

স্মৰ্তব্য যে ২০১৪ চনৰ ২৩ জুনত অসম-নাগালেণ্ড সীমান্তৱৰ্তী তথা ধনশিৰি থানাৰ অন্তৰ্গত হাঞ্চে গাঁও নামৰ এক ভিতৰুৱা অঞ্চলত উগ্ৰপন্থীৰে হোৱা তুমুল সংঘৰ্ষত বকলীয়াঘাট নগৰৰ ১নং বালিজানৰ যুৱক তথা অসম আৰক্ষীৰ এগৰাকী সাহসী জোৱান গৌতম কোচ নিহত হয় । উগ্ৰপন্থীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি প্ৰাণ আহুতি দিয়া বীৰ জোৱানজনক পিছত মৰণোত্তৰভাৱে সন্মানীয় কীৰ্তি চক্ৰৰ সন্মানো প্ৰদান কৰা হয়। এই বীৰ জোৱানগৰাকীৰ প্ৰতি সন্মান জনাই বীৰ শ্বহীদ গৌতম কোচে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা ১নং বালিজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত কাৰ্বি আংলং জিলা আৰক্ষীৰ তৰফৰ পৰা বিদ্যালয়ৰ চৌহদৰ দেৱালৰ একাংশ আৰু প্ৰৱেশ দ্বাৰত এখন সুদৃশ্য তোৰণ নিৰ্মাণ কৰা হয়। বীৰ শ্বহীদগৰাকীৰ শৈশৱৰ স্মৃতি বিজড়িত ১নং বালিজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত নিৰ্মিত তোৰণৰ আজি শুভ উন্মোচন কৰে বীৰ শ্বহীদ গৌতম কোচৰ ছয় বছৰীয়া কণমানি পুত্ৰ তুষাৰ কোচে ।

DP4 | ASSAM TIMES POST

উল্লেখযোগ্য যে কণমানি তুষাৰে পৃথিৱীৰ পোহৰ দেখাৰ কেইবামাহ পূৰ্বেই শত্ৰুৰ বিৰুদ্ধে সাহসেৰে যুঁজি বীৰগতি লাভ কৰিছিল তুষাৰৰ পিতৃয়ে। পৃথিৱীৰ পোহৰ দেখাৰে পৰা পিতৃৰ স্নেহস্পৰ্শৰ পৰা বঞ্চিত হোৱা তুষাৰ বৰ্তমান কে জি ১ৰ ছাত্ৰ । সেই কণমানি তুষাৰেই আজি শ্বহীদ পিতৃৰ স্মৃতিত নিৰ্মিত তোৰণৰ শুভ উন্মোচন কৰি বিৰল অভিজ্ঞতাৰ সাক্ষী হৈ ৰয়। এই দৃশ্যই শ্বহীদ গৰাকীৰ পৰিয়ালৰ লগতে উপস্থিত ৰাইজৰ মাজতো এক আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে । তোৰণ আৰু চৌহদৰ দেৱালৰ শুভ উন্মোচন অনুষ্ঠানৰ পিছতে কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে বীৰ শ্বহীদ গৌতম কোচৰ পিতৃ ডিম্বেশ্বৰ কোচ, মাতৃ পুতুলী কোচ, পত্নী মনালিছা বৰা কোচ আৰু একমাত্ৰ পুত্ৰ তুষাৰ কোচক ফুলাম গামোচা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানটোৰ আঁত ধৰে বকলীয়াঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনজিত তেৰাঙে ।

dp3 | ASSAM TIMES POST

ইয়াৰ পিছতে বিদ্যালয় প্ৰাংগনত চৰকাৰী গাঁওবুঢ়া অকন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে বীৰ শ্বহীদ গৌতম কোচৰ ত্যাগ সমাজৰ বাবে গৌৰৱৰ বিষয় বুলি মন্তব্য কৰি গৌতম কোচৰ এই ত্যাগ নৱ প্ৰজন্মৰ বাবে এক আদৰ্শ বুলি মন্তব্য কৰে। গৌতম কোচৰ দেশপ্ৰেমৰ এনে মহান নিদৰ্শনে অনাগত দিনত উঠি অহা প্ৰজন্মক উদ্বুদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰে । ভৱিষ্যতে বীৰ শ্বহীদগৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে অসম আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে কয় ।

আনহাতে, স্থানীয় ৰাইজৰ অনুৰোধ অনুসৰি শ্বহীদ গৌতম কোচৰ ঘৰলৈ যোৱা পথছোৱা জিলা আৰক্ষীয়ে পকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে আশ্বাস প্ৰদান কৰে । জিলা আৰক্ষীৰ উপ-অধীক্ষক নাহিদ কৰিশ্মা, শ্বহীদ গৌতম কোচৰ পিতৃ ডিম্বেশ্বৰ কোচকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে সভাখনত ভাষণ প্ৰদান কৰি বীৰ শ্বহীদগৰাকীৰ মহান ত্যাগক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে ।

উক্ত সভাতে গাঁওখনৰ ৰাইজে বীৰ শ্বহীদ গৌতম কোচৰ এটি আৱক্ষ মূৰ্তি স্থাপন, গৌতম কোচৰ নামেৰে এটি পথৰ নামকৰণৰ আবেদন জনাই আৰক্ষী অধীক্ষকগৰাকীক এখনি স্মাৰকপত্ৰ প্ৰদান কৰে ।

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
ADVERTISEMENT
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত
National-International

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx