![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
বকলীয়াঘাট : কেইবাশ বছৰৰ পুর্বেই পৱিত্র অসমভূমিত একশৰণ নামধর্মৰ প্রতিষ্ঠা কৰি ইয়াৰ প্রচাৰ আৰু প্রসাৰৰ লগতে অসমীয়া জাতিক এক সুকীয়া ঐতিহ্য আৰু পৰিচয় প্রদান কৰিবলৈ সক্ষম হোৱা গুৰুজনাই জীৱনকালত কীর্তন দশমকে ধৰি ভালেকেইখন গুৰত্বপূর্ণ পুথি ৰচনা কৰি থৈ গৈছে। গুৰুজনাৰ দ্বাৰা ৰচিত পুথিসমূহৰ সর্বত্র এক সাংগীতিক সুৰ বিৰাজমান। এই মহান সৃষ্টিৰাজীয়ে ৰচনা কালৰ সময়ৰে পৰা কেইবাশ বছৰৰ পৰিক্ৰমা ইতিমধ্যে অতিক্রম কৰিছে। সুদীর্ঘ সময়ৰ পৰিক্রমাত অসমৰ বিভিন্ন স্থানত বিভিন্ন সুৰ আৰু লয়ত এইসমূহ গীত-মাত পৰিবেশন কৰি অহাৰ সময়তে ইয়াৰ প্রকৃত সুৰসমূহৰ স্বৰলিপি প্রস্তুত কৰি ইয়াক সংৰক্ষিত কৰি ৰখাৰ এক গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে শ্ৰীমন্ত শংকবদেৱ সংঘই।
ইয়াৰে অংশ হিচাপে সংঘৰ কার্বি আংলং জিলাৰ বকলীয়াঘাট আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত তথা বকলীয়াঘাট আঞ্চলিক সাংস্কৃতিক শাখাৰ তত্বাৱধানত বকলীয়াঘাট আঞ্চলিক শাখাৰ নামঘৰত কীর্তন-দশম আদি পুথিৰ স্বৰলিপি নির্মাণৰ প্রক্রিয়া আৰম্ভ কৰা হৈছে। সংঘৰ
মূলৰ গৱেষক প্রয়াত নীল বৰাই পুর্বে বকলীয়াঘাটত উপস্থিত হোৱাৰ সময়তো স্থানীয় ভকতসকলৰ কণ্ঠেৰে কীর্তন-দশমৰ পাঠ শুনি এই অঞ্চলতে কীর্তন-দশমৰ প্রকৃত সুৰ বিৰাজমান হৈ থকা বুলি মন্তব্য কবাৰ লগতে ইয়াৰ সংৰক্ষণ, প্রচাৰ আৰু প্রসাৰৰ বাবে উদ্যোগ গ্রহণ কৰাৰ আহ্বান জনায়।
ইয়াৰ পিছৰে পৰা সংঘৰ মূলৰ প্রশিক্ষক তথা শংকৰী সংগীত নৃত্যৰ এগৰাকী বিশিষ্ট গৱেষক জন্মেজয় হাজৰিকাৰ তত্বাৱধানত আঞ্চলিক শাখাৰ নামঘৰত সম্প্রতি এক কর্মশালাৰ জৰিয়তে কীর্তন দশমৰ স্বৰলিপি প্রস্তুত প্রক্রিয়াৰ শুভাৰম্ভ কৰা হৈছে। গুৰুজনাৰ গীত-মাতৰ চর্চাৰ সৈতে পূর্বৰে পৰা জড়িত একাংশ বিশেষ বিজ্ঞ আৰু অভিজ্ঞ লোকক লৈ গুৰুজনাৰ মহান সৃষ্টি কীর্তন দশমৰ স্বৰলিপি নির্মাণৰ জৰিয়তে ভবিষ্যৎ প্রজন্মৰ বাবে যাতে ইয়াক অক্ষত ৰূপত ৰাখি থৈ যাব পৰা যায় তাৰ বাবে প্রচেষ্টা আৰম্ভ কৰা হৈছে। গুৰুজনাৰ গীত-মাতসমূহৰ প্রকৃত সুৰৰ নিৰ্দিষ্ট স্বৰলিপি প্রস্তুত কৰি ইয়াৰ সংৰক্ষণৰ জৰিয়তে মহান সৃষ্টিৰাজীৰ সুৰসমূহ বিকৃতকৰণ হোৱাৰ আশংকাও নিৰসন কৰিব পৰা যাব বুলি আশা কৰা হৈছে।













