জিতেন বৰকটকী:
নগাঁও: ডেৰশ বছৰীয়া গৌৰৱোজ্জ্বল শৈক্ষিক ইতিহাস অতিক্রমী ৰাজ্যৰ অন্যতম ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় চৌহদ আজি ভোগালী বিহুৰ উৰুকাৰ দিনতোত ভোগ আৰু আনন্দৰে জীপাল হৈ পৰে।
বিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰই মিলি সুন্দৰ ৰূপত সাজি উলিয়ালে মেজি আৰু ভেলাঘৰ । ভেলাঘৰৰ সন্মুখত নৰাৰে সাজিলে এহাল বিহুৱা ডেকা – গাভৰু । ছাত্ৰ সকলে পথাৰৰ পৰা নৰা আনি সাজি উলিওৱা মেজি- ভেলাঘৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।
ইমানেই নহয় আজি ভোগালী বিহুৰ উৰুকাৰ দিনতো শিক্ষা প্রতিষ্ঠানখনৰ ছাত্ৰ সকলে জাতীয় পোছাক পৰিধান কৰি ঢোল, তাল,বাঁহী, নেগেৰা আদি থলুৱা বাদ্যৰে নাম- প্ৰসংগ , বিহু গীত আদি পৰিবেশন কৰি বিদ্যালয়খনৰ চৌহদ উৎসৱ মুখৰ কৰি তোলে।
অসমীয়াৰ লগতে তিৱা, কাৰ্বি আদি বিভিন্ন জনজাতীয় বিহুৰ সুৰে পৰিবেশ বৰ্ণময় কৰি তোলে। ভেলাঘৰ আৰু সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে বিদ্যালয়খনৰ অধ্যক্ষা দীপিকা লস্কৰে। ইপিনে লাৰু , পিঠা , চুঙাত সিজোৱা জলপান, কোমল চাউল, চুঙাৰ দৈ আদিৰে সমবেত সকলোকে আপ্যায়ন কৰা হয়।
দুপৰীয়া হাঁহ ,মাহ আদি ব্যঞ্জনেৰে শিক্ষক-ছাত্ৰ সকলোৱে মিলি বিদ্যালয় চৌহদত তৃপ্তিৰে ভোগালীৰ উৰুকাৰ দিনতোত এসাজ খায়। ভোগালীৰ উৰুকা উদযাপনৰ এই অনুষ্ঠানত বিদ্যালয়খনৰ কেইবাগৰাকীও প্ৰাক্তন শিক্ষক আৰু ছাত্ৰই অংশগ্ৰহণ কৰে ।
নগৰীয়া আৰু যান্ত্রিকতাৰ ধামখুমীয়াত হেৰাই যাব খোজা আমাৰ কৃষ্টি-সংস্কৃতি,খাদ্য সম্ভাৰ আদি নৱ-প্ৰজন্মক পৰিচয় কৰাই দিয়াৰ লগতে নিজস্ব কৃষ্টি-সংস্কৃতিৰ লগত সংপৃক্ত হৈ থকাৰ লক্ষ্যৰে বিদ্যালয়খনৰ চৌহদত এনে কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে বুলি অধ্যক্ষা দীপিকা লস্কৰে মত প্ৰকাশ কৰে ।
উল্লেখ্য, উৰুকা উদযাপনৰ ক্ষেত্ৰত বিদ্যালয়খনৰ শিক্ষক ডিম্বেশ্বৰ শৰ্মা,ৰঞ্জিত হাজৰিকা, হিৰণ্য শৰ্মা, বাবুল বৰা ,লুতফুৰ ৰহমান আৰু কৰ্মচাৰী অবনী মহন্তই বিশেষভাৱে সহযোগিতা আগবঢ়ায় ।
নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় চৌহদত আজি অনুষ্ঠিত কৰা ভোগালী বিহু উৰুকা উদযাপন অনুষ্ঠানৰ শলাগ লয় নগাঁৱৰ সচেতন মহলে ।