ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

খেৰণিত বনৰীয়া হাতীৰ আক্রমণত এজন নিহত

তিনিমহীয়া সন্তান কোলাত লৈ ধর্ণাত বহিল হাতীৰ আক্রমণত নিহত লোকৰ বিধৱা পত্নী

News Desk by News Desk
January 15, 2021
Reading Time: 1 min read
A A
0
খেৰণিত বনৰীয়া হাতীৰ আক্রমণত এজন নিহত

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

ডিফু : পশ্চিম কার্বি আংলং জিলাৰ বৃহত্তৰ খেৰণি এলেকাত বনৰীয়া হাতীৰ উপদ্রৱৰ ফলত স্থানীয় লোকসকলৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা উদ্বেগজনকভাবে বিপন্ন হোৱাৰ সময়তে পুণৰ যোৱানিশা বনৰীয়া হাতীৰ আক্রমণত আন এজন লোকে সকৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয়।

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱানিশা বনৰীয়া হাতীৰ এটা প্রকাণ্ড জাকে খেৰণি থানাৰ অন্তর্গত কৰাণাইমাবিল এলেকাৰ মাজবস্তিত থকা অশোক ৰাজভৰ নামৰ লোকজনৰ বাসগৃহটো চাৰিওফালৰ পৰা আগুৰি ধৰে। হাতীৰ জাকটোৰ আগমণৰ উমান পাই পৰিয়ালৰ আনসকল লোক কোনোমতে ঘৰটোৰ পৰা পলাই গৈ প্রাণৰক্ষা কৰে যদিও দুর্ভগীয়া অশোক ৰাজভৰ ঘৰটোৰ পৰা ওলাই যাবলৈ সক্ষম নহ’ল। ফলশ্রুতিত বনৰীয়া হাতীৰ জাকটোৱে ঘৰটোত উপদ্রৱ চলাই ঘৰটো ভাঙি-ছিঙি সম্পূর্ণ লণ্ড-ভণ্ড কৰাৰ লগতে বনৰীয়া হাতীৰ এনে আক্রমণৰ ঘটনাত নিজ ঘৰৰ ভিতৰতে অশোক ৰাজভৰৰ মৃত্যু হয়। বনৰীয়া হাতীৰ আক্রমণৰ ফলত অঞ্চলটোত পুনৰ এজন নীৰিহ লোকে প্রাণ দিবলগীয়া হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

ইফালে, অশোক ৰাজভৰ নামৰ লোকজনৰ বনৰীয়া হাতীৰ আক্রমণত মৃত্যু হোৱা ঘটনাক কেন্দ্র কৰি আজি সমগ্র দিন ধৰি খেৰণি এলেকাত এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰে। অশোক ৰাজভৰৰ মৃতদেহ খেৰণি থানা আহি পোবাৰ লগে লগে বনৰীয়া হাতীৰ তাণ্ডৱত জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নোহোৱা ভুক্তভোগী কেইবাশ লোকে খেৰণি থানা চৌহদত প্রতিবাদ সাব্যস্থ কৰি এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

d m1 | ASSAM TIMES POST

আনহাতে, ইয়াৰ পিছতে নিহত অশোক ৰাজভৰৰ বিধৱা পত্নীয়ে আজি বন বিভাগে সাধাৰণ জনতাৰ জীবনৰ নিৰাপত্তা প্রদানত প্রদর্শন কৰা ব্যর্থতাৰ প্রতিবাদত তিনি মহীয়া সন্তান কোলাত লৈ ধর্ণা প্রদর্শন কৰে। আজি বিয়লি পর্যন্ত অশোক ৰজভৰৰ বিধবা পত্নীয়ে কোলাত কণমানি সন্তানক লৈ ধর্ণা প্রদর্শন কৰা ঘটনাই খেৰণি এলেকাত বন্যহস্তীৰ আক্রমণৰ ফলত বিপন্ন হোৱা এলেকাবাসী ৰাইজৰ দুৰৱস্থাক এখন ছবিও উদঙাই দিছে।

অশোক ৰাজভৰৰ বিধৱা পত্নীৰ লগতে বন বিভাগৰ কার্যালয় চৌহদত আন কেইবাশ লোকেও প্রতিবাদ সাব্যস্থ কৰে। বিয়লিব ভাগত খেৰণিত বন বিভাগৰ উচ্চ পদস্থ বিষয়া আহি উপস্থিত হোৱাৰ ফলত প্রতিবাদকাৰী ৰাইজে বন বিষয়াগৰাকীৰ জৰিয়তে অসমৰ বনমন্ত্রী পৰিমল শুক্লুবৈদ্যলৈ এখনি স্মাৰক-পত্র প্রেৰণ কৰে ৷ স্মাৰকপত্র যোগে খেৰণিৰ ভুক্তভোগী ৰাইজৰ জৰিয়তে অশোক ৰাজভৰৰ বিধৱা পত্নীক অতি শীঘ্ৰে দহ লাখ টকাৰ ক্ষতিপূৰণ বা, হাতীৰ উপদ্রবব ফলত বিনষ্ট হোৱা খেতি পথাৰৰ বিপৰীতে কৃষকক উপযুক্ত ক্ষতিপূ্ৰণ প্রদান, বনৰীয়া হাতীৰ সমস্যাৰ স্থায়ী সমাধান নোহোৱা পর্যন্ত হাতীৰ জাকটোক কাজিৰঙা। ৰাষ্ট্রীয় উদ্যানলৈ স্থানান্তৰ কৰাকে ধৰি সাতটা দাবী সম্বলিত এখন স্মাৰক-পত্র প্রেৰণ কৰে।

প্রসংগক্রমে উল্লেখ যোগ্য যে, বৃহত্তৰ খেৰণি এলেকাত বনৰীয়া হাতীৰ উপদ্রৱৰ ঘটনা এক বৃহৎ সমস্যা হিচাপে দেখা দিয়াৰ লগতে বিগত সময়ছেৱাত বনৰীয়া হাতীৰ জাকে এলেকাটোৰ কেইবাশ বিঘা মাটিৰ শস্য বিনষ্ট কৰাৰ লগতে বনৰীয়া হাতীৰ আক্রমণত ভালেকেইগৰাকী লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে। এইক্ষেত্রত স্থানীয় লোকৰ নিৰাপত্তাৰ বাবে বিহিত ব্যবস্থা গ্রহণ কৰা নাই বুলিও স্থানীয় লোকসকলে ক্ষোভ প্রকাশ কৰি আহিছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
ADVERTISEMENT
JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত
National-International

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

July 22, 2026
50
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী
National-International

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

July 22, 2026
50
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

July 22, 2026
50
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

July 22, 2026
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

July 22, 2026
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx