ছাইদুল ইছলাম
ডিফু : ভোগালীৰ ভোগ-আনন্দত সাধাৰণ জনতা ব্যস্ত থকাৰ সময়তে যোৱা নিশা কোনো অচিনাক্ত দুর্বত্তই এগৰাকী যোগ প্রশিক্ষকক অতি নৃশংসভাবে হানি-খুচি হত্যা কৰাৰ ঘটনাই পাহাৰীয়া চহৰখনত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱাৰ ভাগত স্থানীয় লোকসকলে ৰংমংৱেৰ ডিফু চৰকাৰী মহাবিদ্যালয়ৰ সমীপৰ এটা ছাত্রী নিৱাসৰ প্রবেশদ্বাৰৰ সন্মুখত পৰিত্যক্ত অৱস্থাত এটি মৃতদেহ প্রত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে। লগে লগে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা মৃতদেহটো ডিফু কেন্দ্রীয় বিদ্যালয়ৰ ঠিকাভিত্তিত নিযুক্ত যোগ প্রশিক্ষক তথা নগাঁও জিলা নগাঁও সদৰ থানাৰ অন্তর্গত পানীগাঁও চাৰিআলি নিৱাসী তপন দাসৰ পুত্র তন্ময় দাস (২৭) বুলি চিনাক্ত কৰা হৈছে।
প্রাপ্ত তথ্য অনুসৰি ডিফুৰ মেইনটিলাত ভাড়াতীয়া হিচাপে থকা যুৱকজন নিজ ভাড়াঘৰৰ পৰা নিলগৰ ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ওচৰত আজি পুৱাৰ ভাগত যুবকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই স্বাভাৱিকতে ৰহস্যৰ সৃষ্টি কৰিছে। কোনো অচিনাক্ত দুর্বৃত্তই যুৱকজনক চোকা অস্ত্রৰে নৃশংসভাবে হানি-খুচি হত্যা কৰাৰ সন্দেহ কৰা হৈছে। নিহত যুৱকজনৰ পৰিয়ালে জানিবলৈ দিয়া অনুসৰি যোৱানিশা প্রায় এঘাৰ বজাত যুৱকজনে পৰিয়ালৰ লোকৰ সৈতে শেষবাৰৰ বাবে যোগাযোগ কৰিছিল। তেতিয়া স্বাভাৱিকভাৱেই পৰিয়ালৰ লোকৰ সৈতে কথা-বার্তা হোৱা যুৱকজৰ আজি পুৱাই মৃত্যু হোৱাৰ বাতৰিয়ে পৰিয়ালটোকো বাৰুকৈয়ে মর্মাহত কৰি তুলিছে। ঘটনাৰ বাতৰি লাভ কৰাৰ পিছতে ডিফু চহৰত উপস্থিত হোৱা তন্ময় দাসৰ পিতৃয়ে দোষীক উচিত শাত্তি প্রদানৰ দাবী জনায়।
আনহাতে, যুবকজনৰ মৃতদেহটো অর্ধ উলংগ অবস্থাত থকাৰ বিপৰীতে তেওঁৰ দেহৰ বাকী কাপোৰ-কানি মৃতদেহৰ সমীপত উদ্ধাৰ হোৱা নাই, লগতে মৃতদেহ হোৱা ঠাইত তেজ পৰি থকাৰ কোনো চিহ্ন নাছিল। সেই অনুসৰি, যুবকজনক অন্য কোনো স্থানত হত্যা কৰি দুর্বৃত্তই মৃতদেহটো উক্ত স্থানত পেলাই থৈ যোবাবে সন্দেহ কৰা হৈছে ৷ এই সন্দর্ভত আৰক্ষীৰ অভিযান অব্যাহত আছে বুলি ডিফু থানাৰ অ’চি চিৰাজ ইংতিয়ে জানিবলৈ দিছে।
উল্লেখযোগ্য যে, যোৱা তিনি বছৰ ধৰি যুৱকজনে ডিফু কেন্দ্রীয় বিদ্যালয়ৰ যোগ প্রশিক্ষক হিচাপে কর্মৰত আছিল।