ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : দেশৰ অন্য প্ৰান্তৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাতো আজি ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ এই প্ৰতিষেদক প্ৰক্ৰিয়া ডিফুৰ চিকিৎসা মহাবিদ্যালয়ৰ উপৰি বোকাজান মহকুমাতো প্ৰদান কৰা হয় ৷ ডিফুত ৫০০ গৰাকী আৰু বোকাজানত ৩০০ গৰাকী হিতাধিকাৰীক ভাৰতীয়ৰ বাবে পুণেৰ ছেৰাম ইনষ্টিটিউচনত তৈয়াৰী ক’ভিশ্বিল্ড ভেকচিন প্ৰদান কৰাৰ লক্ষ্যৰে আজি ক’ভিড-১৯ৰ আগশাৰীৰ যুদ্ধা ১০০ গৰাকী স্বাস্থ্যকৰ্মীক এই ভেকচিন প্ৰদান কৰা হ’ব বুলি জিলা প্ৰতিষেদক বিষয়া দুৰ্গেশ্বৰ ইংতিয়ে জানিবলৈ দিছে ৷
হিতাধিকাৰীসকলক ক’ভিডৰ প্ৰতিষেদক প্ৰদানৰ পিছত অলপ সময়ৰ বাবে নিৰিক্ষণ কক্ষত ৰখা হয় ৷ আজি এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত উপস্থিত থাকে কাৰবি আংলং স্বাস্থ্য বিভাগৰ যুটিয়া সঞ্চালিকা কাৰেং ৰংপীপি, আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, মেডিকেল কলেজৰ অধ্যক্ষা সুমিত্ৰা হাগজেৰ আৰু কাৰ্য্যবাহী সদস্য ৰতন টেৰণ ৷