![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত পুনৰ গাড়ীচোৰৰ উপদ্ৰপ বৃদ্ধি পাইছে৷ শুকুৰবাৰে নিশা ডিফুৰ নিকটৱৰ্তী হৰিলালবস্তিৰ এজন নিৰ্মাণ শ্ৰমিকৰ ঘৰৰ চৌহদৰ পৰা এখন পালচাৰ মটৰ চাইকেল চুৰি হোৱা ঘটনা পোহৰলৈ অহাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি শুকুৰবাৰে নিশা হৰিলালবস্তিৰ কালী মন্দিৰৰ কাষৰ নিবাসী নিদ্ৰামগ্ন হৈ থকা সময়ত তেওঁলোকৰ ঘৰৰ চৌহদতে ৰাখি থোৱা অৱস্থাত AS07F 2754 পঞ্জীয়ন নম্বৰৰ মটৰ পালচাৰ 150 মটৰ চাইকেলখন কোনো দূৰ্বৃত্তই চৌহদৰ ভিতৰত অনাধিকাৰ প্ৰৱেশ কৰি চুৰি কৰি লৈ যায় ৷ চাৰিওফালে বিচাৰ-খুছাৰ কৰিও একো সন্ধান উলিয়াব নোৱাৰি মটৰ চাইকেলখনৰ গৰাকীয়ে ডিফু থানাত এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷ ডিফু চহৰৰ পৰা গাড়ী চোৰৰ উপদ্ৰপ হ্ৰাস কৰিবলৈ স্থানীয় আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে ৷













