![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি সাহিত্যৰ লগতে অসমীয়া সাহিত্য জগতৰ এক অপূৰণীয় স্থান উকা কৰি দেহাৱসান ঘটিল কাৰবি আৰু অসমীয়া ভাষাৰ একান্ত সাধক বিদৰছিং ক্ৰ’ৰ ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱা চিকিৎসাধীন অৱস্থাত ডিমাপুৰৰ এখন চিকিৎসালয়ত মৃত্যু হয় বিশিষ্ট সাহিত্যিকগৰাকীৰ ৷ সাহিত্য অকাডেমীৰ ভাষা সন্মানেৰে তেওঁ সন্মানীত হৈছিল কাৰবি ইংৰাজী আৰু অসমীয়া ভাষাৰ অভিধানৰ বাবে ৷ কাৰবি লামমেত আমেইৰ তেওঁ ৪ বাৰৰ সভাপতি আছিল ৷
তেওঁৰ নেতৃত্বত কাৰবি লামেতত আমেয়ে বহু মূল্যবান গ্ৰন্থ প্ৰকাশ কৰিছিল ৷ অসম চৰকাৰে সাহিত্যিক গৰাকীক সাহিত্যিক পেঞ্চন প্ৰদান কৰিছিল ৷ কাৰবি যুৱ মহোৎসৱৰো সভাপতিৰ আসন অলংকিত কৰিছিল সাহিত্যিক ক্ৰই ৷ ছেমচনছিং ইংতি বঁটা, কাৰবি প’ বঁটাৰে তেওঁ সন্মানীত হৈছিল৷ কাৰবি সংস্কৃতিৰ এখিলা, ছেংৱে, কাৰবি সংস্কৃতিৰ অন্বেষণ, ৰূপ টাইনে, লাৰটাকে ধৰি ১২খন গ্ৰন্হৰ প্ৰণেতা আছিল বিদৰছিং ক্ৰ ৷ তেওঁৰ মৃত্যুত বিভিন্ন ৰাজনৈতিক দল-সংগঠনে ক্ৰ’ৰ আত্মাৰ সদ্গতিৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷













