ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : আজি দেওবাৰে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে কাৰ্বি আংলং জিলা সাহিত্য সভা আৰু হাওৰাঘাট শাখা সাহিত্য সভাৰ যৌথ উদ্যোগত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় “জ্যোতি দিৱস” অনুষ্ঠানটি হাওৰাঘাটত উদযাপন কৰা হয়।
পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি হৰিমোহন জিডুঙে।
ইয়াৰ পিছত ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে তেখেতৰ সৃষ্টি আৰু বৰ্ণিল কৰ্মৰাজিক সোঁৱৰে হাওৰাঘাট শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক তিলকান্ত ফুকনে। পৰৱৰ্তী সময়ত বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰ লগতে অনুষ্ঠিত হয় মুকলি সভা ।
অসম সাহিত্য সভাৰ সভাপতি ড: কুলধৰ শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত এই মুকলি সভাত কেন্দ্ৰীয় জ্যোতি দিৱসৰ লগত সংগতি ৰাখি উন্মোচন কৰা হয় “জ্যোতি” শীৰ্ষক এখন স্মৰণিকা ।