![]()
ষ্টাফ ৰিপৰ্টাৰ
ডিফু : ডিফুৰ জিলা সত্র ন্যায়ালয়ৰ সহকাৰী লোক অধিবক্তা মিৰবিন ইংতিপীক যোৱা ১৬ জানুৱাৰাত অপহৰণ কৰাৰ এক ভয়ংকৰ প্রচেষ্টা পোহৰলৈ আহিছে।
উল্লেখ্য যে আধিবক্তাগৰাকীৰ নিজ বাসগৃহতে থকা গাড়ী চালকগৰাকীয়ে এই অপহৰণৰ চেষ্টা চলোৱা বুলি পোহৰলৈ আহিছে। লোক অধিবক্তাগৰাকীয়ে যোৱা ১৬ জানুৱাৰীত ডিফুৰ ৰংনিঙত থকা এগৰাকী সতীর্থৰ গৃহলৈ গৈছিল এক গোচৰ সংক্রান্তীয় কামৰ বাবে। অধিবক্তাগৰাকীয়ে প্রায় ৯ বজাত নিজ গাড়ীৰে বাসগৃহলৈ বুলি উভতি অহাৰ সময়ত এই অপহৰণ কাণ্ড সংঘটিত হয়। লোক অধিবক্তাগৰাকীৰ ট্রেভেৰা গাড়ীখনত চালকগৰাকীৰ সৈতে পূর্বৰ পৰাই আন এগৰাকী এজন লোকৰ সৈতে পিছফালে ছিটত বহি লুকাই আছিল। নিজ বাসগৃহলৈ বুলি উভতাৰ পথত ডিফু চহৰৰ মাজমজিয়াত পিছফালে বহি থকা অজ্ঞাত আততায়ী এটাই সন্মখৰ ছিটত বহি থকা অধিবক্তাগৰাকীক মাফলাৰেৰে ডিঙিত মেৰিয়াই ধৰি হাত বান্ধিবলৈ চেষ্টা চলায়৷ এই সময়ত অধিবক্তাগৰাকীয়েও নিজৰ প্রচণ্ড শক্তিৰে ইয়াত বাধা দিবলৈ চেষ্টা চলাই যদিও আততায়ীয়ে চালকক গাড়ীখন লামডিং পথলৈ লৈ যাবলৈ নির্দেশ দিয়ে। সেই মতে চালকগাৰাকীয়ে ডিফুৰ পৰা লামডিং পথলৈ তীব্র গতিৰে লৈ যায়।
আনহাতে, অধিবক্তাগৰাকী নিজৰ বন্ধুৰ বাসগৃহৰ পৰা ৯ বজাতেই ওলাই ১০বজালৈকে নিজবাসগৃহত উপস্থিত নোহোৱাত অভিভাৱকসকল চিন্তিত হৈ পৰে কাৰণ অধিবক্তাগৰাকীৰ বন্ধুৰ বাসগৃহৰ পৰা নিজ বাসগৃহলৈ মাত্র ১০ মিনিটৰ পথ। অধিবক্তাগৰাকীৰ পিতৃ আৰু ভাতৃয়ে মবাইলত বাৰম্বাৰৰ যোগাযোগৰ চেষ্টা চলাই যাদিও টনা-আজোৰাৰ ফলত অধিবক্তাগৰাকীৰ মবাইলটো গাড়ীৰ ছিটৰ তলত সোমাই পৰে। অধিবক্তাগবাকীক চকু বান্ধি দিয়াৰ ফলত একো কৰিব নোৱাৰা হৈপৰে যাদিও আনৰ সহায় বিচাৰি চিঞৰিবলৈ ধৰে। এইদৰে ডিফুৰ পৰা প্রায় ৩০ কিলোমিটাৰ দূৰৰ বৰলাংফেৰ নামৰ ঠাইত থকা ফৰেষ্ট গেটখন বন্ধ দেখি গেটত খুন্দিয়াই গাড়ীখন পুনৰ ডিফু মুখে ঘূৰাই দিবলৈ ড্রাইভাৰক নির্দেশ দিয়ে। কিছুদূৰ আহি চালকক গাড়ীখন ৰখাবলৈ দি আততায়ী সেই স্থানৰ পৰা জংঘলৰ দিশে পলাই যায়।
ইয়াৰ পূৰ্বে অধিবক্তাগৰাকীক তেওঁৰ হাতত থকা প্রায় ৪ হেজাৰ টকা কাঢ়ি লোৱাৰ লগতে গাড়ীৰ চালকজনৰ হাতত পিছদিনাখন ১ কোটি টকা দি ধনশিৰি-ডিমাপুৰ পথত পঠাবলৈ নির্দেশ দি যায়। আততায়ীয়ে অধিবক্তাগৰাকীক কয় যে তোৰ পিতৃৰো বহু ধন-সম্পতি আছে। সেয়ে ১ কোটি টকা পঠাই দিবি নহলে তোৰ লগতে পৰিয়ালৰ আনৰো ক্ষতিসাধন কৰিম । ইয়াৰ পিছতেই অধিবক্তাগৰাকীয়ে নিজ বাসগৃহৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হয় আৰু ডিফু সদৰ আৰক্ষীৰ অ’চিৰ সৈতে গৈ পিতৃ আৰু ভাতৃয়ে অধিবক্তাগৰাকীক উদ্ধাৰ কৰি আনিবলৈ সক্ষম হয় । অধিবক্তাগৰাকীয়ে জানিবলে দিয়া মতে আততায়ীৰ এই কার্যত চালকগৰাকীয়ে বাধা দিবলৈ পাৰিলেহেঁতেন যদিও চালকগৰাকীয়ে অকণো বাধা প্রদান নকৰি তীব্র গতিত গাড়ী চলাই নিয়া ঘটনাই ঘটনাত চালকগৰাকী জড়িত থকাৰ সন্দেহ উপজে।
উল্লেখনীয় যে অমিত টংলা নামৰ কার্বি আংলঙৰ সৰিয়হজানৰ নিবাসী এই চালকগৰাকী বিগত বহু বছৰ ধৰি অধিবক্তাগৰাকীৰ পিতৃ গৃহতে আছিল। আৰক্ষীয়ে ইতিমধ্যে চালকগৰাকীক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। আৰক্ষীয়ে জানিবলে দিয়া মতে অতিশীঘ্ৰে এই অপহৰণ কাণ্ডৰ সৈতে জড়িত সকলো ব্যক্তি আটক কৰিবলৈ সক্ষম হ’ব।
ইপিনে, ডিফু বাৰ এছচিয়েছনৰ আজি এখন জৰুৰী বৈঠক অনুষ্ঠিত হৈ যায়। ডিফু বাৰ এছচিয়েছনৰ সভাপতি দিলীপ কুমাৰ ডেকাৰ সভাপতিত্বত হোৱা সভাত সহকাৰী লোক অধিবক্তাক অপহৰণৰ চেষ্টা চলোৱা ঘটনাক তীব্র নিন্দা কৰে। লগতে আৰক্ষীক তৎপৰতাৰে ব্যবস্থা গ্রহণ কৰি অপবাধীক কৰায়ত্ত কৰিবলৈ আহ্বান জনায়। সভাত এই অপহৰণ কাণ্ডত জড়িত কোনে আততায়ীৰ হৈ কোনো অধিবক্তাক গোচৰ নল’বলৈ সিদ্ধান্তগ্রহণ কৰা হয় বুলি বাৰ এছচিয়েছনৰ সভাপতি দিলীপ কুমাৰ ড়েকাই সংবাদ মাধ্যামক জানিবলৈ দিয়ে।













