ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰ্বিসকলৰ ভাষা সাহিত্যৰ উন্নয়ন, চৰ্চা আৰু সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা কাৰ্বি লাম্মেত আমেই (কাৰ্বি সাহিত্য সভা)ৰ ২৯ সংখ্যক বাৰ্ষিক অধিৱেশন কাইলৈৰ পৰা অহা ২৩ জানুৱাৰীলৈকে চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে জিলাখনৰ বোকাজান মহকুমাৰ দেওপানীৰ বৰডেকা-লাংমিলি নিৰজা ক্ষেত্ৰত আয়োজন কৰা হৈছে। অধিৱেশন উপলক্ষে যোৱা প্ৰায় মাহজোৰা প্ৰস্তুতিৰে অধিৱেশনস্থলী আটকধুনীয়াকৈ সজাই তোলা হৈছে। অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱাৰে পৰা অধিৱেশনৰ মঞ্চ উদ্বোধন, গ্ৰন্থমেলা, মেলা, প্ৰদৰ্শনী, প্ৰতিনিধি শিৱিৰ আদিৰ শুভ উদ্বোধন কৰা হ’ব। বিয়লি চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব ।
আনহাতে, ২১ জানুৱাৰীৰ পুৱা অধিৱেশনস্থলী পৰিষ্কাৰ কৰাৰ পিছতে পুৱা আঠ বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব কাৰ্বি লাম্মেত আমেইৰ সভাপতি হিদ্ধিনাথ ৰংপিয়ে। ইয়াৰ পিছতে তুং এ লংকামাৰ মঞ্চৰ শুভ উদ্বোধন কৰাৰ পিছত কাৰ্বি লাম্মেত আমেইৰ উপ-সভাপতি কামছিং হাঞ্চেৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া গ্ৰন্থ উন্মোচনী সভাত অসম চৰকাৰৰ পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী চুম ৰংহাং মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
দিনৰ ১১ বজাত সম্বৰ্ধনা সভা। বিয়লি দুই বজাৰ পৰা প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হ’ব। বিয়লি জালিৰাম ৰংহাং সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াৰ শুভ উদ্বোধন কৰিব অতিৰিক্ত উপায়ুক্ত দিলীপ তেৰাঙে । তৃতীয় দিনৰ পুৱা চিত্ৰ কুমাৰ বে’ সোঁৱৰণী মঞ্চ মুকলি হোৱাৰ পিছতে ‘বৰ্তমান কাৰ্বি ভাষা আৰু ইয়াৰ গুৰুত্ব’ শীৰ্ষক এখনি আলোচনাচক্ৰ অনুষ্ঠিত কৰা হ’ব । কাৰ্বি লাম্মেত আমেইৰ উপ-সভাপতি হুকুৰছিং ৰংপিৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া আলোচনা চক্ৰখনত ধৰমছিং টেৰণ, জন তিমুং, লুনচে তিমুং, মেগী কাথাৰপী, হাংমিজি হাঞ্চে, ছিং ক্ৰ’ আৰু জয়ছিং টকবিয়ে সমল ব্যক্তি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰিব।
ইয়াৰ পিছতে স্ব-ৰচিত কবিতা পাঠ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিছতে বিয়লিৰ ভাগত কাৰ্বি লাম্মেত আমেইৰ সভাপতি হিদ্ধিনাথ ৰংপিৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত কৰা হ’ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোককথা বিভাগৰ মুৰব্বী অধ্যাপক তথা সাহিত্য অকাডেমীৰ বড়ো ভাষাৰ উপদেষ্টা ব’ৰ্ডৰ মুৰব্বী অনিল বড়ো মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া সভাখনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাং, ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ উদয়ভানু পাণ্ডেকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। বিয়লি জয়ৰাম তিচ’ আৰু জয়ছিং ৰংপি সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াৰ শুভ উদ্বোধন কৰিব কাৰ্বি জুতাং জুবাত আছঙৰ উপ-সভাপতি হুকুমছিং বে’ই।
ইয়াৰ সমান্তৰালভাৱে কবিতা আবৃত্তি, আকস্মিক বক্তৃতা, তৰ্ক প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হ’ব। অন্তিম দিনা পুৱা ধনছিং তেৰাঙৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া কবি সন্মিলনত চাৰ এট হাঞ্চে, ধনেশ্বৰ ইংতি আৰু দিপালী আম্ফীয়ে কবিতাসমূহৰ পৰ্যালোচনা আগবঢ়াব । বিয়লি এক বজাত এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব। কাৰ্বি লাম্মেত আমেইৰ সভাপতি হিদ্ধিনাথ ৰংপিৰ সভাপতিত্বত বিয়লি অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
আনহাতে, সাংসদ হৰেণছিং বে’, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা, আইটিএছএছএৰ সভাপতি গোবিন্দ টাইড, কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰছিং ক্ৰ’, বিধায়ক ডা: নোমল মমিন, জয়ৰাম ইংলেং, ডা: মানছিং ৰংপি, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ লংকি তিমুং, উপাধ্যক্ষ ৰীতেশ ইংহিকে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। ইয়াৰ লগতে বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰা বিজয়ী প্ৰতিযোগীসকলকো বঁটা প্ৰদান কৰা হ’ব । অধিৱেশনত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে।