ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কার্বি আংলং জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্য্যোগত আজি ডিফুত এক অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্রীয়ে সমগ্র অসমৰ সাংবাদিকসকলৰ বাবে প্রদান কৰা নৱবর্ষৰ উপহাৰ কার্বি আংলং আৰু পশ্চিম কার্বি আংলং জিলাৰ সাংবাদিকসকলৰ মাজত প্রদান কৰা হয়। জিলা তথ্য আৰু জনসংযোগ বিভাগৰ কার্যালয়ত অনুষ্ঠিত এক সভাত এই উপহাৰ বিতৰণ কৰা হয়। জিলা তথ্য আৰু জনসংযোগ বিষয়া উৎপল ডিমাছাই আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পবিষদৰ তথ্য আৰু জনসংযোগ বিভাগৰ ভাৰপ্রাপ্ত কার্যবাহী সদস্য কূপছিং টেবণ।
ইয়াৰোপৰি কার্বি আংলংজিলা তথ্য আৰু জনসংযোগ বিভাগৰ উপ-সঞ্চালক অভিনাশ বর্মনৰ লগতে ডিমা হাচাও জিলাৰ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালক শেখৰ ইংতিও উপস্থিত আছিল। ডিফুৰ জ্যেষ্ঠ সাংবাদিকসকলব উপৰি বহু কনিষ্ঠ সংবাদদাতাও এই কার্যসূচীত উপস্থিত আছিল।