![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কালি সন্ধিয়া কার্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তর্গত ডেনগাঁৱৰ সমীপবর্তী কাউৰী পথাৰত এক শোকাৱহ পথ দুর্ঘটনা সংঘটিত হয়। প্রাপ্ত তথ্য অনুসৰি কালি সন্ধিয়া প্রায় সাত বজাত ডিমাপুৰৰ পৰা হোজাই অভিমুখে গৈ থকা এএ-০৭-ই০৬৭৯ নম্বৰৰ মাৰুতী এল্ট বাহনখনে বিপৰীত দিশৰ পৰা আহি থকা এখন স্কুটীত প্রচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত স্কুটীখনত থকা এগৰাকী মহিলাকে ধৰি দুজন লোক অতি গুৰুতৰভাৱে আহত হয়। দুর্ঘটনাত আহত দুগৰাকী ক্রমে ৰাজেশ ৰংপি আৰু ৰত্না ৰংফাৰপী বুলি জানিব পৰা গৈছে।

ইফালে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আহত দুয়োগৰাকী লোক ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে যন্ত্রণাত ছটফটাই থকা অৱস্থাতে গুৱাহাটীৰ পৰা নিজ সমষ্টি অভিমুখে আহি থকা বোকাজানৰ বিধায়ক ডাঃ নোমল মমিন উক্ত স্থানত উপস্থিত হয়। বিধায়কগৰাকীয়ে লগে লগে ৰাজপথতে দুৰ্ঘটনাত অতি গুৰুতপভাৱে আহত হোৱা দুয়োগৰাকী স্কুটাৰ আৰোহীক প্রাথমিক চিকিৎসা প্রদান কৰাৰ লগতে নিজা কনভয়ৰ বাহনেৰে দুয়োকে ডকমকাৰ প্রাথমিক চিকিৎসালয়ত ভর্তি কৰোৱাৰ লগতে চিকিৎসালয়তো এগৰাকী চিকিৎসকৰ ৰূপত অৱতীর্ণ হয় । দুয়োগৰাকী দুর্ঘটনাগ্রস্থ লোককে চিকিংসা সেৱা প্রদান কৰে।
ইয়াৰে ৰত্না ৰংফাৰপীব মুৰত আঘাত গুৰুতৰ হোৱাৰ লগতে দেহৰ কেইবাটাও অংশৰ হাড় ভাঙি যোৱাৰ বাবে অতি সংকটজনক অৱস্থাত দুয়োকে নগাঁৱলৈ উন্নত চিকিৎসাব বাবে প্রেৰণ কৰাৰ পৰামর্শ প্রদান কৰে৷ উল্লেখযোগ্য যে, ৰাজপথত মৃত্যুসম যন্ত্রণাত চটফটাই থকা দুজন দুৰ্ঘটনাগ্রস্থ লোকক জৰুৰী চিকিৎসা সেৱা প্রদান কৰি জীৱন ৰক্ষা কৰি এগৰাকী চিকিৎসক হিচাপে মানৱ সেৱাৰ প্রকৃত ধর্ম পালন কৰি মহানুভৱতাৰ পৰিচয় দিয়াৰ বাবে বিধায়ক ডাঃ নোমল মমিনক সচেতন মহলে বাৰুকৈয়ে প্রশংসা কৰিছে।












