![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কার্বি আংলং জিলা আৰক্ষীয়ে আজি জিলাখনৰ ডিলাইত অভিযান চলাই এটা চোৰাং গঁড়ৰ খড়গ উদ্ধাৰ কৰাৰ লগতে খড়গটো সৰবৰাহত জড়িত থকাৰ অভিযোগত এজনক আটক কৰিবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত আৰক্ষী সূত্রে লাভ কৰা তথ্য অনুসৰি আজি বিয়লি প্রায় দুই বজাত এক গোপন সূত্রৰ পম খেদি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, কার্বি আংলং জিলা আৰক্ষীৰ উপ অধীক্ষক নাহিদ কৰিশ্মা, বৰপথাৰৰ চক্র বিষয়া ভূপেন কলিতা, ডিলাই থানাৰ ভাৰপ্রাপ্ত বিষয়া ৰাজু বাহাদুৰ ছেত্রী আৰু মাঞ্জা থানাৰ ভাৰপ্রাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এলেকাটোত অভিযান চলায়।

উক্ত অভিযানতে আৰক্ষীৰ দলটোৱে ৩৯০ গ্রাম ওজনৰ এটা গঁড়ৰ খড়গ উদ্ধাৰ কৰাৰ লগতে খড়গটো সৰবৰাহহ কৰাৰ অভিযোগত এজনক আটক কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে এই সন্দর্ভত আটক কৰা যুবকজন নগাঁও জিলাৰ জুৰীয়া থানাৰ অন্তর্গত তিনিচুকীয়া গাঁৱৰ আৰিফ জাকাৰিয়া (২৭) বুলি চিনাক্ত কৰা হৈছে। প্রাথমিক তদন্তত খড়গটো ডিমাপুৰত বিক্রীৰ বাবে আনি থকা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।












