![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ডিফু জিলা সত্ৰ ন্যায়ালয়ৰ সহকাৰী লোক অধিবক্তা মিৰবিন ইংতিপীৰ অপহৰণ কাণ্ডত জড়িত ব্যক্তিগত চালকসহ মূল অভিযুক্ত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হ’ল ৷ অধিবক্তাগৰাকীৰ চালকৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে নাইছোচাং হোজাই (১৯)নামৰ মূল অভিযুক্ত যুৱকটোক আটক কৰি বৃহৎ সফলতা লাভ কৰিছে ৷ যুৱক জনক আৰক্ষীয়ে যোৱা নিশা ডিফুৰ আমোলাপট্টিৰ ওচৰৰ পৰা আটক কৰে ৷ যুৱকজনৰ পৰা আৰক্ষীয়ে এটা মোবাইল ফোন উদ্ধাৰ কৰে ৷ যুৱকজনৰ প্ৰকৃত ঘৰ নাগালেণ্ডৰ ডিমাপুৰ ধনশিৰিপাৰ গণেশ নগৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷
উল্লেখযোগ্য যে, ডিফুৰ জিলা সত্র ন্যায়ালয়ৰ সহকাৰী লোক অধিবক্তা মিৰবিন ইংতিপীক যোৱা ১৬ জানুৱাৰীত অপহৰণ কৰাৰ এক ভয়ংকৰ প্রচেষ্টা পোহৰলৈ আহিছিল। আধিবক্তাগৰাকীৰ নিজ বাসগৃহতে থকা গাড়ী চালকগৰাকীৰ পূৰ্ব পৰিকল্পিতভাবে এই অপহৰণৰ চেষ্টা চলোৱা হৈছিল ডিফু থানাৰ অ’চি চিৰাজ ইংতিয়ে সাংবাদিকক জানিবলৈ দিছে৷ ১৬ জানুৱাৰীত ডিফুৰ ৰংনিহাঙত থকা এগৰাকী সতীর্থৰ গৃহলৈ গৈছিল এক গোচৰ সংক্রান্তীয় কামৰ বাবে। অধিবক্তাগৰাকীয়ে প্রায় ৯ বজাত নিজ গাড়ীৰে বাসগৃহলে বুলি উভতি অহাৰ সময়ত এই অপহৰণ কাণ্ড সংঘটিত হয়। অধিবক্তাগৰাকীৰ ট্রেভেৰা গাড়ীখনত চালকগৰাকীৰ সৈতে পূর্বৰে পৰাই আন এগৰাকী ব্যক্তি পিছফালে ছিটত বহি লুকাই আছিল। নিজ বাসগৃহলৈ বুলি উভতাৰ পথত ডিফু চহৰৰ মাজমজিয়াত পিছপালে বহি থকা অজ্ঞাত আততায়ী এটাই সন্মুখৰ ছিটত বহি থকা অধিবক্তাগৰাকীক মাফলাৰেৰে ডিঙিত মেৰিয়াই ধৰি হাত বান্ধিবলে চেষ্টা চলায়৷ এই সময়ত অধিবক্তাগৰাকীয়েও নিজৰ প্রচণ্ড শক্তিৰে বাধা দিবলৈ চেষ্টা চলাই যদিও আততায়ীয়ে চালকক গাড়ীখন লামডিং পথলৈ লৈ যাবলৈ নির্দেশ দিয়ে। সেই মতে চালকগাৰাকীয়ে ডিফুৰ পৰা লামডিং পথলৈ তীব্র গতিৰে লৈ যায়।
আনহাতে, অধিবক্তাগৰাকী নিজৰ বন্ধুৰ বাসগৃহৰ পৰা ৯ বজাতেই ওলাই ১০বজালৈকে নিজবাসগৃহত উপস্থিত নোহোৱাত অভিভাৱকসকল চিন্তিত হৈ পৰে কাৰণ অধিবক্তাগৰাকীৰ বন্ধুৰ বাসগৃহৰ পৰা নিজ বাসগৃহলৈ মাত্র ১০ মিনিটৰ পথ। অধিবক্তাগৰাকীৰ পিতৃ আৰু ভাতৃয়ে মবাইলত বাৰম্বাৰৰ যোগাযোগৰ চেষ্টা চলাই যাদিও টনা-আজোৰাৰ ফলত অধিবক্তাগৰাকীৰ মবাইলটো গাড়ীৰ ছিটৰ তলত সোমাই পৰে। অধিবক্তাগবাকীক চকু বান্ধি দিয়াৰ ফলত একো কৰিব নোৱাৰা হৈপৰে যাদিও আনৰ সহায় বিচাৰি চিঞৰিবলৈ ধৰে। এইদৰে ডিফুৰ পৰা প্রায় ৩০ কিলোমিটাৰ দুৰৰ বৰলাংফেৰ নামৰ ঠাইত থকা ফৰেষ্ট গেটখন বন্ধ দেখি গেটত খুন্দিয়াই গাড়ীখন পুনৰ ডিফু মুখে ঘুৰাই দিবলৈ ড্রাইভাৰক নির্দেশ দিয়ে। কিছুদুৰ আহি চালকক গাড়ীখন ৰখাবলৈ দি আততায়ী সেই স্থানৰ পৰা জংঘলৰ দিশে পলাই যায়।
ইয়াৰ পূৰ্বে অধিবক্তাগৰাকীক তেওঁৰ হাতত থকা প্রায় ৪ হেজাৰ টকা কাঢ়ি লোৱাৰ লগতে গাড়ীৰ চালকজনৰ হাতত পিছদিনাখন ১ কোটি টকা দি ধনশিৰি-ডিমাপুৰ পথত পঠাবলৈ নির্দেশ দি যায়। আততায়ীয়ে অধিবক্তাগৰাকীক কয় যে তই অধিবক্তা আৰু তাৰ পিতৃৰো বহু ধন-সম্পতি আছে সেয়ে ১ কোটি টকা পঠাই দিবি নহলে তাৰ লগতে পৰিয়ালৰ আনৰো ক্ষতিসাধন কৰিম । ইয়াৰ পিছতেই অধিবক্তাগৰাকীয়ে নিজ বাসগৃহৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হয় আৰু ডিফু সদৰ আৰক্ষীৰ অ’চিৰ সৈতে গৈ পিতৃ আৰু ভাতৃয়ে অধিবক্তাগৰাকীক উদ্ধাৰ কৰি আনিবলৈ সক্ষম হয় অধিবক্তাগৰাকীয়ে জানিবলে দিয়া মতে আততায়ীৰ এই কার্যত চালকগৰাকীয়ে বাধা দিবলৈ পাৰিলেহেঁতেন যদিও চালকগৰাকীয়ে অকণো বাধা প্রদান নকৰি তীব্র গতিত গাড়ী চলাই নিয়া ঘটনাই ঘটনাত চালকগৰাকী জড়িত থকাৰ সন্দেহ উপজে।
উল্লেখনীয় যে অমিত টংলা নামৰ কার্বি আংলঙৰ সৰিয়হজানৰ নিবাসী এই চালকগৰাকী বিগত বহু বছৰ ধৰি অধিবক্তাগৰাকীৰ পিতৃ গৃহতে আছিল। আৰক্ষীযে ইতিমধ্যে চালকগৰাকীক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।
ইপিনে, ডিফু থানাত এইলৈ ১৩/২০২১ নম্বৰত এক গোছৰ ৰুজো দি অভিযুক্ত যুৱকদ্বয়ক ডিফু আদালতৰ জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ কৰা হ’ব বুলি আৰক্ষীয়ে জনাইছে ৷












