![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : লাহৰিজানত অস্ত্ৰ-শস্ত্ৰসহ দুজন যুৱক আটক হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বোকাজানৰ খটখটী আৰক্ষী থানাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজান অঞ্চলত আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুই যুৱকক । বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি আটক কৰে দুই ধৃত যুৱকক । যুৱক দুজনৰ পৰা এটা 7.65 পিষ্টল, দুই জাই সজীৱ গুলি আৰু এটা মেগজিন উদ্ধাৰ কৰে আৰক্ষীয়ে ।

ধৃত দুই যুৱক ক্ৰমে ডিমাপুৰৰ ৰোহন প্ৰধান আৰু লাকি প্ৰধান। আৰক্ষীৰ তদন্তত পিষ্টলটো বিক্ৰীৰ উদ্দেশ্যে লৈ অহা হৈছিল বুলি জানিব পৰা গৈছে ।












