ষ্টাফ ৰিপ’ৰ্টাৰ:
দৰঙত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। বোৱাৰীৰ সমুখতে নিজ স্বামীক দা-লাঠিৰে বৰ্বতাৰে কোবাই হত্যা কৰে কাশেম আলী নামে এগৰাকী ব্যক্তিক। দৰঙৰ ধূলা থানাৰ অন্তৰ্গত গৰাপুৰী নিছপি খেৰা গাঁৱত সংঘটিত এক ঘটনা মোবাইলত বন্দী হোৱা পিছতে চাঞ্চল্যৰ সৃষ্টি কৰিছে সৰ্বত্ৰে।
খবৰনুসৰি, গৰাপুৰী নিছপি খেৰা গাঁৱৰ কাশেম আলিৰ ঘৰত বনিজ ইছলামে ছয় পুত্ৰক লৈ অনাধিকাৰে প্ৰৱেশ কৰি কাশেম আলীক অশ্লীল গালি-গালাজ কৰাৰ উপৰিও উক্ত ৭ জনীয়া পিতা-পুত্ৰৰ দলটোৱে ভয়ংকৰ কাণ্ডটো সংঘটিত কৰে।
ঘটনা সন্দৰ্ভত ১৪ জানুৱাৰী তাৰিখে কাশেম আলীৰ পৰিয়ালে ধূলা আৰক্ষী থানাত বনিজ ইছলাম আৰু তেওঁৰ ছয় পুত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে যদিও ঘটনাৰ মূল নায়ক এতিয়াও মুকলি আকাশৰ তলত থকাৰ লগতে পৰিয়ালটোক এতিয়াও ভাবুকি প্ৰদান কৰি আছে ।
ঘটনাত জড়িত হত্যাকাৰী পিতা পুত্ৰৰ দলটোক শীঘ্ৰে কৰায়ত্ত কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে ভোক্তভোগী পৰিয়ালটোৱে । উক্ত ঘটনাক কেন্দ্র কৰি অঞ্চল খনত তীব্র চাঞ্চল্য অব্যাহত আছে













