![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বাসভৱনত আজি দিনজোৰা কাৰ্যসূচীৰে কাৰবি পৰম্পৰাগত শস্য চপোৱা উৎসৱ (হাচা কেকান) টি উলহ-মালহ কৰে ৷ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বাসগৃহত বিগত দুটা বছৰধৰি এই উৎসৱ উদযাপন কৰাৰ লগতে এইবাৰ সামৰণি পৰ্বৰ হাচা কেকান পালন কৰা হৈছে ৷
ডেকা -গাভৰুসকলে সোণোৱালী পথাৰৰ পৰা সোণগুটি কঢ়িয়াই আনি কাৰবি দেউৰী (পুজাৰী)ৰ হতুৱাই ১৩টাকৈ কুকুৰা ভগৱন্ত হেম্ফুৰ চৰণত উচ্ছৰ্গা কৰি পূজা অৰ্চনা কৰে ৷ চপোৱা ধানখিনি মুখ্য কাৰ্যবাহী সদস্যৰ সহধৰ্মিনী কাচে টেৰণপীয়ে ডেকা গাভৰুৰ খাঙত ভৰাই দিয়াৰ পিছত ডেকা-গাভৰুসকলে পৰাম্পৰাগত নীতি অনুসৰি ধানখিনি ভঁৰালত ভৰায় ৷
ৰংহাঙৰ ঘৰত অনুষ্ঠিত হাচা কেকান উৎসৱত উপস্থিত থকা তিনি পাৰ্বত্য জিলাৰ একমাত্ৰ সাংসদ হৰেণছিং বে’ই সাংবাদিকসকলৰ আগত কয় যে, এই উৎসৱ কাৰবিসকলৰ শস্য চপোৱা উৎসৱ ৷
দেউৰীসকলে প্ৰতি বছৰে পথাৰত ধানৰ উৎপাদন নদন-বদন হোৱাৰ বাবে বিভিন্ন পূজা- অৰ্চনাৰ মাজেৰে এই উৎসৱ সম্পন্ন কৰা হয় বুলি কয় ৷ দিনজোৰা অক্লান্ত ভাগৰৰ অন্তত ডেকা-গাভৰুসকলে সন্ধিয়া পৰাম্পৰাগত হাচা কেকান নৃত্য কৰি আনন্দ- উল্লাহ কৰে ৷
আনহাতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সংবাদ মাধ্যমৰ আগত কয় যে, কাৰবি কৃষকসকলক আগুৱাই নিয়া স্বাৰ্থত হাচা কেকানৰ বিশেষ প্ৰয়োজন আছে ৷
হাচা কেকান উৎসৱৰ বাবে গাঁৱৰ মুখিয়াক মাননী দি ডেকা-গাভৰুৰ এই সামাজিক উৎসৱৰ বাবে অনুমতি লৈহে এই উৎসৱ পালন কৰা হয় ৷ এই উৎসৱে কাৰবি ৰাইজৰ লগতে ডেকা গাভৰুৰ মনত বহু আনন্দ প্ৰদান কৰে বুলি মন্তব্য কৰে ৷ আজিৰ অনুষ্ঠত পৰিষদৰ কেইবাগৰাকী ইএম, এমএচি আৰু শুভাকাংখীয়ে অংশগ্ৰহণ কৰে ৷












