![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : বিজেপি চৰকাৰৰ বিৰুদ্ধে অপশাসনব অভিযোগ তুলি আজি কার্বি আংলং জিলাৰ সদৰ চহৰ ডিফু আৰু বোকাজান চহৰত কংগ্রেছ দলৰ তৰফৰ পৰা এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা হয়। ডিফুস্থিত কার্বি আংলং জিলা কংগ্রেছৰ কর্যালয়ব সম্মুখত আজি দলটোৰ ভালেসংখ্যক নেতা-কর্মীয়ে দিনৰ এঘাৰ বজাব পৰা বিয়লি এক বজাপর্যন্ত অৱস্থান কৰি বিজেপি চৰকাৰৰ জনবিৰোধী নীতিসমূহক কঠোৰ ভাষাৰ সমালোচনা কৰে।
ঠিক সেইদৰে বোকাজানতো কংগ্রেছ দলৰ নেতা-কর্মীসকলে চাইকেল সমদল কৰি বিজেপি দলব জনবিৰোধী নীতিসমূহৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে। প্রতিবাদকাৰীসকলে লগতে ‘কৃষকৰ অধিকাৰ সুৰক্ষিত কৰক, ‘গণতন্ত্রব হত্যাকাৰী বিজেপি গ’ বেক’, অত্যাৱশ্যকীয় সামগ্রীৰ মুল্য হ্রাস কৰক’, তেলৰ মূল্য হ্রাস কৰক, ‘গণতন্ত্রক ৰক্ষা কৰক, কৃষকৰ অধিকাৰ সুৰক্ষিত কৰক’ আদি শ্লোগান সম্বলিত প্লেকার্ড প্রদর্শন কৰি প্রতিবাদ সাব্যস্ত কৰে।












