![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : বিজেপি চৰকাৰৰ দিনতেই সর্বস্তৰৰ জনতাৰ প্রভূত উন্নয়ন হৈছে। এই দাবী কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ। এই ধাৰা অব্যাহত ৰখাৰ বাবে পুনৰ বিজেপি চৰকাৰ গঠনৰ আহ্বান জনাই মুখ্য কার্যবাহী সদস্যগৰকীয়ে। আজি ডিফুৰ তাৰালাংছত অসম চৰকাৰৰ যুব সৱলীকৰণ প্রকল্প স্বয়ম আঁচনিৰ আনুষ্ঠানিক উদ্বোধন কৰি এই মন্তব্য কৰে ৰংহাঙে। তাৰালাংছত আয়োজিত স্বামী বিবেকানন্দ যুব সৱলীকৰণ প্রকল্পৰ আনুষ্ঠানিক উদ্বোধন কার্যসূচীত মুখ্য কার্যবাহী সদস্যৰ উপৰি উপস্থিত থাকে সাংসদ হৰেণছিং বে’, জিলা উপাযুক্ত চন্দ্রধ্বজ সিনহা। এই প্রকল্পৰ জৰিয়তে প্রথম পর্যায়ৰ কার্বি আংলং জিলাৰ ২৭৩টা আত্মসহায়ক গোটক সাহায্য প্রদান কৰা হয়।
ইয়াৰ অধীনত ২২৪ গৰাকী লোক উপকৃত হয়। প্রতিটেো আত্মসহায়ক গোটৰ প্রতিজন ব্যক্তিক ৫० হেজাৰ টকা প্রদান কৰা হয়। ইয়াৰ প্রথম পর্যায়ৰ ৩০ হাজাৰ টকা আজি প্রদান কৰা হয়। আন পর্যায়ত ২০ হেজাৰ টকা প্রদান কৰা হ’ব। এই ধনৰ জৰিয়তে পশু পালনৰ পৰা আৰম্ভ কৰি কুটীৰ শিল্পৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ বাবে চৰকাৰে আঁচনি প্রদান কৰিছে।












