![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সমগ্র ৰাজ্যৰ লগত সংগতি ৰাখি আজি পাহাৰীয়া জিলা কার্বি আংলঙতো কা বাতিল, ইআইএ-২০২० প্রত্যাহাৰ, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ আৰু অসমৰ জলন্ত বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ প্রতিবাদত পুনৰ সৰৱ হৈ উঠিল সদৌ অসম ছাত্র সন্থাই আজি আছুৰ কার্বি আংলং জিলা সমিতিৰ শতাধিক প্রতিবাদকাৰী ডিফুৰ ছেমছনছিং ইংতি মেমৰিয়েল পার্কৰ সন্মুখত হাতে হাতে জোঁৰ লৈ ডিফু চহৰৰ মাজেৰে সমদল উলিয়াবলৈ সমবেত হয়।
উক্ত সময়ত প্রতিবাদথলীত ডিফু আৰক্ষী উপস্থিত হৈ প্রতিবাদকাৰীসকলক সমদল উলিওৱাত বাধা আৰোপ কৰে প্রতিবাদকাৰীসকলে নিজৰ স্থিতিত অটল হৈ সমদল উলিয়াবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে প্রতিবাদকাৰীসকলক আটক কৰি ডিফু থানালৈ লৈ যায় প্রতিবাদকাবীসকলে বিজেপি চৰকাৰ গ’ বেক, নবেন্দ্র মাোদী হায় হায়, বাংলাদেশী গ’ বেক, কা বাতিল কৰক আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।












