![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : আজি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৰাজহ বিভাগৰ অধীনত পোন প্ৰথমবাৰৰ বাবে ইতিহাস ৰচনা কৰি ১০ খিলঞ্জীয়া লোকৰ মাজত আনুষ্ঠানিকভাবে বিশেষ ভূমি পট্টা বিতৰণ কৰা হয় ৷ শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত আজি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২ লাখ খিলঞ্জীয়া লোকৰ মাজত আনুষ্ঠানিক ভূমি প্ৰদানৰ লগত সংগতি ৰাখি অসমৰ ভিতৰত সৰ্ববৃহৎ জিলা কাৰবি আংলঙতো কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফুৰ জয়ছিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত এই পট্টাসমূহ বিতৰণ কৰে ৷
সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে জিলাখনৰ ১০ হাজাৰ খিলঞ্জীয়া লোকৰ ভূমি পট্টা বিতৰণ কৰি পৰিষদে ইতিহাস ৰচনা কৰিলে ৷ পূৰ্বৰ চৰকাৰে এনে কাম কৰিব নোৱাৰিলে যদিও সেই কাৰ্য বিজেপিয়ে কৰি দেখুৱালে ৷ আজিৰ আনুষ্ঠানিক বিতৰণ অনুষ্ঠানত পৰিষদৰ ৰাজহ বিভাগৰ দায়িত্বত থকা ইএম অমৰচিং তিচ’ স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব আৰু কেইবাগৰাকী ইএম আৰু এমচি উপস্থিত থাকে ৷












