![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সহস্ৰ উগ্ৰপন্থী ইউপিআৰএফৰ বিৰুদ্ধে কাৰবি আংলং আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ এক বিশেষ সূত্ৰৰ পম খেদি শুকুৰবাৰে নিশা কাৰবি আংলং জিলা আৰক্ষী নাহিদ কৰিশ্মাৰ নেতৃত্বত বোকাজানৰ এছডিপিঅ’ জন দাসৰ লগতে উপ-পৰিদৰ্শকদ্বয় জিতুমনি ডেকা আৰু মৌবলিক ব্ৰহ্মৰ লগতে ২০ বিএন চিআৰপিএফআৰু বেটেলিয়নৰ যৌথ অভিযান চলাই মাঞ্জা থানা এলেকাৰ পিতাইজল নামৰ এলেকাৰ পৰা ইউপিআৰএফৰ তিনি দুৰ্ধৰ্ষ উগ্ৰপন্থী কেডাৰ তিনিটাক আটক কৰে ৷
আটকাধীন কেডাৰ তিনিজন ক্ৰমে, অৰ্জুন কুকি ওৰফে পাউটিংকল চিংচন (২৮), ছেইমিলাল কুকি (২৫) আৰু পাউলুন উছ্ (২৪)৷ তিনিজনৰ কৱলৰ পৰা আৰক্ষীয়ে এটা ‘৩২ পিষ্টল, দুজাঁই সজীৱ গুলী, মেগজিন, ৩টা মোবাইল ফোন আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হৈছে ৷ এই সন্দৰ্ভত মাঞ্জা থানাত ০২/২০২১ নম্বৰত এক গোছৰ ৰুজো দিয়া হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷












